


তামুলপুৰ, ০৫ আগষ্ট (হি.স.)। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্য মৃত্যুতিথি উপলক্ষ্যে আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত লোক কল্যাণ দিৱস পালন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তামুলপুৰ জিলাৰ জিলা আয়ুক্ত চিমি কৰণ, আই এ এছ। অনুষ্ঠানত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মহান স্বাধীনতা সংগ্ৰামী তথা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্তগৰাকীয়ে কয়, “অসমৰ এগৰাকী স্বাধীনতা যুঁজাৰুৰ নাম ক’বলৈ দিলে পোনতে মনলৈ আহে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথা।”
তেওঁ লোকপ্ৰিয়গৰাকীৰ স্বাধীনতা আন্দোলনত ভূমিকা, ৰাজনৈতিক দূৰদৰ্শিতা, সামাজিক দায়বদ্ধতা আৰু শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে সাৰগৰ্ভ মন্তব্য আগবঢ়ায়। জিলা আয়ুক্তগৰাকীৰ বক্তব্যত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ দেশপ্ৰেম, নীতি-আদৰ্শ, জনকল্যাণৰ প্ৰতি দায়বদ্ধতা আৰু অসমৰ স্বাৰ্থৰ প্ৰতি থকা গভীৰ নিষ্ঠাৰ বিভিন্ন দিশ সুন্দৰভাৱে প্ৰকাশ পায়। অসমৰ সামাজিক, ৰাজনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰৰ বিকাশত তেওঁৰ অৱদান চিৰস্মৰণীয় বুলি উল্লেখ কৰি তেওঁৰ জনকল্যাণমূলক চিন্তা আৰু আদৰ্শৰ পৰা সকলোকে অনুপ্ৰেৰণা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনোৱা হয়। অনুষ্ঠানটোৱে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ মহান জীৱন আৰু অসমৰ প্ৰতি তেওঁৰ অমূল্য অৱদানক পুনৰ স্মৰণ কৰাৰ লগতে জনসেৱা আৰু জনকল্যাণৰ প্ৰতি দায়বদ্ধ হৈ আগবাঢ়িবলৈ সকলোকে অনুপ্ৰাণিত কৰে। অনুষ্ঠানত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীৰ উপৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল, বিভিন্ন বিভাগৰ মুৰব্বী আদি উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ