বি টি চিৰ বিভিন্ন স্থানত ইউ পি পি এলৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
কোকৰাঝাৰ, ০৫ আগষ্ট (হি.স.)। ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল চমুকৈ ইউ পি পি এল হৈছে বড়োলেণ্ডৰ এটা আঞ্চলিক ৰাজনৈতিক দল। ২০১৫ চনৰ ৫ আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে জন্ম লাভ কৰিছিল ইউ পি পি এল ৰাজনৈতিক দলৰ । ইউ পি পি এলৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বি ট
বি টি চিৰ বিভিন্ন স্থানত ইউ পি পি এলৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন


কোকৰাঝাৰ, ০৫ আগষ্ট (হি.স.)। ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল চমুকৈ ইউ পি পি এল হৈছে বড়োলেণ্ডৰ এটা আঞ্চলিক ৰাজনৈতিক দল।

২০১৫ চনৰ ৫ আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে জন্ম লাভ কৰিছিল ইউ পি পি এল ৰাজনৈতিক দলৰ ।

ইউ পি পি এলৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বি টি চিৰ বিভিন্ন স্থানত উদযাপন কৰা হৈছে।

কোকৰাঝাৰ জিলাৰ ৰাম্ফলবিল কঠিয়াবাৰীত উদযাপিত প্ৰতিষ্ঠা দিৱসত দলীয় পতাকা উত্তোলন কৰে উপ সভাপতি তথা প্ৰাক্তন বি টি আৰ উপ মুখ্য গোবিন্দ বসুমতাৰীয়ে।

শ্বহীদ সকললৈ পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইউ পি পি এলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী উৰ্খাউগৌৰা ব্ৰহ্মই।

আঠিয়াবাৰীস্থিত সুজিত নাৰ্জাৰী সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত দলীয় সভা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি কেগ কাটি উদযাপন কৰা হয়।

বিগত বি টি চি আৰু অসম বিধানসভা নিৰ্বাচনত ধৰাশায়ী হৈ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছে।

এতিয়া ইউ পি পি এল দল শক্তিশালী হৈ উঠিছে।

মন্তব্য প্ৰাক্তন মন্ত্ৰী উৰ্খাউগৌৰা ব্ৰহ্মৰ ।

আনহাতে বি টি চিৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ কাতিৰাম বড়ো দাবী কৰিছে যে, প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰৰ সময়ত বি টি চিত শান্তি প্ৰতিষ্ঠা হৈছিল।

হাগ্ৰামা মহিলাৰীৰ চৰকাৰ অহা লগে লগেই বি টি চিত পুনৰ অশান্ত হৈ পৰিল।

উদাহৰণস্বৰূপে ধাৰাবাহিক ভাৱে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ গুলিত ফুংখা বসুমতাৰী মৃত্যুৰ হ'ল।

দ্বিতীয়ত চিৰাঙৰ বিজনীত ৰাজু বসুমতাৰী দুৰ্বৃত্তৰ আক্ৰমণত নিহত হ'ল।

তাৰোপৰি কোকৰাঝাৰৰ কাৰিগাওত দুৰ্বৃত্তৰ আক্ৰমণত এগৰাকী ঠিকাদাৰে ৰাজা বিষ্মিত মৃত্যু হল।

সেই সকলোবোৰ হত্যাকাণ্ডৰ ওপৰত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী প্ৰাক্তন অধ্যক্ষ কাতিৰাম বড়োৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande