জাগীৰোডৰ শ্ৰী শ্ৰী ৰামঠাকুৰ সেৱাশ্ৰমত চুৰিকাণ্ড
মৰিগাঁও, ০৫ আগষ্ট (হি.স.)। জাগীৰোডৰ শ্ৰী শ্ৰী ৰামঠাকুৰ সেৱাশ্ৰমত মঙলবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। দুৰ্বৃত্তই মন্দিৰৰ দানপাত্ৰ ভাঙি তাত থকা প্ৰায় পঞ্চাশ হাজাৰ টকা নগদ ধন লৈ উধাও হয়। চুৰিকাণ্ডৰ পিছত দানপাত্ৰটো সমীপৰ বননিত দলিয়াই থৈ
জাগীৰোডৰ শ্ৰী শ্ৰী ৰামঠাকুৰ সেৱাশ্ৰমত চুৰিকাণ্ডৰ ঘটনা।


জাগীৰোডৰ শ্ৰী শ্ৰী ৰামঠাকুৰ সেৱাশ্ৰমত চুৰিকাণ্ডৰ ঘটনা।


মৰিগাঁও, ০৫ আগষ্ট (হি.স.)। জাগীৰোডৰ শ্ৰী শ্ৰী ৰামঠাকুৰ সেৱাশ্ৰমত মঙলবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। দুৰ্বৃত্তই মন্দিৰৰ দানপাত্ৰ ভাঙি তাত থকা প্ৰায় পঞ্চাশ হাজাৰ টকা নগদ ধন লৈ উধাও হয়।

চুৰিকাণ্ডৰ পিছত দানপাত্ৰটো সমীপৰ বননিত দলিয়াই থৈ যায় দুৰ্বৃত্তই।

ইয়াৰ উপৰিও মন্দিৰৰ পূজাৰীৰ পত্নীৰ সোণৰ অলংকাৰ চুৰি কৰাৰ চেষ্টা চলোৱা হৈছিল যদিও সেই চেষ্টা সফল নহ'ল।

ঘটনাৰ পিছতে মন্দিৰ পৰিচালনা সমিতিয়ে জাগীৰোড আৰক্ষীক সমগ্ৰ বিষয় সন্দৰ্ভত অৱগত কৰে।

উল্লেখযোগ্য যে, জাগীৰোড অঞ্চলত শেহতীয়াকৈ সঘনাই সংঘটিত হৈ থকা এনে চুৰিকাণ্ডই অঞ্চলবাসীক চিন্তিত কৰি তুলিছে। এনে দুৰ্বৃত্তক চিনাক্ত কৰি বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande