জাগীৰোডত কৃত্ৰিম বানৰ ভয়াৱহতা, নাতিক বচাবলৈ গৈ প্ৰাণ গ'ল ককাকৰ
মৰিগাঁও, ০৫ আগষ্ট (হি.স.)। জাগীৰোডত কৃত্ৰিম বানৰ ভয়াৱহতা। নাতিক বচাবলৈ গৈ প্ৰাণ গ''ল ককাকৰ। মৃত লোকজন মাৰ্কাংকুচিৰ ৰমেশ বৰদলৈ। জাগীৰোডত ক্ৰমাৎ জটিল হৈ পৰিছে কৃত্ৰিম বান পৰিস্থিতি। মঙলবাৰে নিশাৰে পৰা হোৱা মূষলধাৰ বৰষুণে বুৰাই পেলালে জাগীৰোডৰ বিভিন
জাগীৰোডত কৃত্ৰিম বানৰ ভয়াৱহতা,,


জাগীৰোডত কৃত্ৰিম বানৰ ভয়াৱহতা,,


মৰিগাঁও, ০৫ আগষ্ট (হি.স.)। জাগীৰোডত কৃত্ৰিম বানৰ ভয়াৱহতা। নাতিক বচাবলৈ গৈ প্ৰাণ গ'ল ককাকৰ। মৃত লোকজন মাৰ্কাংকুচিৰ ৰমেশ বৰদলৈ।

জাগীৰোডত ক্ৰমাৎ জটিল হৈ পৰিছে কৃত্ৰিম বান পৰিস্থিতি। মঙলবাৰে নিশাৰে পৰা হোৱা মূষলধাৰ বৰষুণে বুৰাই পেলালে জাগীৰোডৰ বিভিন্ন অঞ্চল। সোণাইকুছি পাহাৰৰ পৰা নিজৰাপাৰ হৈ নামি অহা পানীৰ ঢলে এফালৰ পৰা তচনচ কৰিলে সকলো। ফলত পানীত ডুবি প্ৰাণ গ'ল মাৰ্কাংকুচিৰ ৭৮ বৰ্ষীয় ৰমেশ বৰদলৈ নামৰ লোকজনৰ। নিশা অহা পানীৰ ধলে হঠাৎ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত দুই কণমানি নাতিনীয়েকক বচাবলৈ গৈ সংঘটিত হয় কৰুণ ঘটনা। বোৱাৰীৰ চকুৰ সন্মুখতে এই সকলো ঘটনা সংঘটিত হয় যদিও পানীৰ প্ৰচণ্ড সোঁতে বুৰাই পেলাই ঘৰ আৰু তেনে অৱস্থাতে পানীত ডুবি প্ৰাণ হেৰুৱাই লোকজনে। পৰৱৰ্তী পৰ্যায়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইফালে পানীৰ সোঁত ইমানেই তীব্ৰ আছিল যে এই সোতে উটুৱাই লৈ যায় নিজপাৰ অঞ্চলৰ পকী পথ। বাগৰি পৰে বহু ব্যক্তিৰ ঘৰৰ দেৱাল। ঘৰৰ ভিতৰত পানী প্ৰৱেশ কৰাৰ ফল বহুলোকৰ মূল্যৱান সম্পত্তিও বিনষ্ট হয়। পূৰ্বে নলাৰ পুনৰ্নিৰ্মাণৰ বাবে ব্যয় কৰা ধনৰ উপযুক্ত ব্যৱহাৰ নোহোৰ ফলতে এনে দুৰ্যোগৰ সন্মুখীন হোৱাৰ অভিযোগ ৰাইজৰ। সেয়ে এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাক এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জাগীৰোডবাসীৰ।

অন্যথা অনাগত দিনত জাগীৰোডবাসীয়েও যে মহানগৰীসদৃশ কৃত্ৰিম বানৰ কবলত পৰিব সেয়া নিশ্চিত।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande