জাগীৰোডৰ ধৰমতুলত চোৰাং গৰু উদ্ধাৰ
মৰিগাঁও, ০৫ আগষ্ট (হি.স.)। ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ৷ জাগীৰোডৰ ধৰমতুলত চোৰাং গৰু সৰবৰাহ কৰা বাহন বিকল হোৱাৰ পিছতে পোহৰলৈ আহিছে এই ঘটনা৷ স্থানীয় লোকে চোৰাং গৰুকেইটা সন্দৰ্ভত খবৰ দিয়ে ধৰমতুল আৰক্ষীক৷ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে জ
জাগীৰোডৰ ধৰমতুলত চোৰাং গৰু সৰবৰাহ কৰা বাহন জব্দ


জাগীৰোডৰ ধৰমতুলত চোৰাং গৰু সৰবৰাহ কৰা বাহন জব্দ


মৰিগাঁও, ০৫ আগষ্ট (হি.স.)। ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ৷ জাগীৰোডৰ ধৰমতুলত চোৰাং গৰু সৰবৰাহ কৰা বাহন বিকল হোৱাৰ পিছতে পোহৰলৈ আহিছে এই ঘটনা৷ স্থানীয় লোকে চোৰাং গৰুকেইটা সন্দৰ্ভত খবৰ দিয়ে ধৰমতুল আৰক্ষীক৷

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৬ টাকৈ চোৰাং গৰু৷ ইফালে বাহনখন বিকল হোৱাৰ পিছতে পলায়ন কৰে চালক আৰু হেণ্ডিমেন৷ লখিমপুৰৰ পৰা বাঘবৰলৈ গৰু কেইটা সৰবৰাহ কৰাৰ সময়তে ধৰমতুলত বিকল হয় এ এছ ০১ এন চি ৯৪২৫ নম্বৰৰ ট্ৰাকখন৷

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande