
কাঠমাণ্ডু, ০৫ আগষ্ট (হি.স.)। নেপালৰ জনকপুৰধামৰ জনকী মন্দিৰৰ সমীপত অৱস্থিত তেহালা পুখাৰীত সোমবাৰে নিশা এজন ভাৰতীয় তীৰ্থযাত্ৰী ডুব যায়। ধনুছা জিলা আৰক্ষী কাৰ্যালয়ৰ মুখপাত্ৰ মধুসুদন নিউপানেৰ মতে, নিহত যুৱকজন ভাৰতৰ বিহাৰৰ হাজীপুৰৰ বাসিন্দা আদৰ্শ কুমাৰ ঝা বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জনোৱা মতে, স্থানীয় যুৱকে লগে লগে আদৰ্শ কুমাৰ ঝাক পুখুৰীৰ পৰা উলিয়াই আনি জনকপুৰধামৰ আঞ্চলিক চিকিৎসালয়লৈ লৈ যায় । চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ