ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ, জয়ৰ হেট্ৰিকৰে শীৰ্ষস্থানত ডিব্ৰুগড় ৱাৰিয়ৰ্ছ
গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। জয়ৰ হেট্ৰিকৰে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ [এ পি এল-২০২৬] পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হৈছে৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত আজি অনুষ্ঠিত দিনটোৰ প্ৰথমখন
ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ, জয়ৰ হেট্ৰিকৰে শীৰ্ষস্থানত ডিব্ৰুগড় ৱাৰিয়ৰ্ছ


গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। জয়ৰ হেট্ৰিকৰে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ [এ পি এল-২০২৬] পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হৈছে৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত আজি অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত দলে পাঁচ উইকেটত পৰাস্ত কৰে চৰাইদেউ ছানৰাইজাৰ্ছক৷ ১২১ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰা ডিব্ৰুগড়ে ১৭.৫ অভাৰত পাঁচ উইকেট হেৰুৱাই হেলাৰঙে জয়লাভ কৰি দুই পইণ্ট অৰ্জন কৰে৷ উল্লেখ্য যে অপৰাজেয় যাত্ৰা অব্যাহত ৰখা ৱাৰিয়ৰ্ছে প্ৰথম তিনিখন মেচৰ পৰা ছয় পইণ্ট লাভ কৰিছে৷

ডিব্ৰুগড়ৰ আজিৰ এই বিজয়ত প্ৰথমে দুই বলাৰ দৌখো দাস আৰু ৰৌচন আলমে অৰিহনা আগবঢ়োৱাৰ পাছত বেটিঙত মিডিল অৰ্ডাৰ বেটাৰ আয়ুশ আগৰৱালা আৰু ৰিতুৰাজ বিশ্বাসে দৃঢ়তা প্ৰদৰ্শন কৰে৷ দৌখোই চৰাইদেউৰ প্ৰথম চাৰিগৰাকী বেটাৰক আউট কৰি মেচ ডিব্ৰুগড়ৰ নিয়ন্ত্ৰণলৈ অনাৰ বিপৰীতে ৰৌচনে তিনিটা উইকেট লাভ কৰে৷ ইফালে, সহজ বিজয়লক্ষ্য অনুসৰণ কৰাৰ পাছতো ৱাৰিয়ৰ্ছে ইনিংছৰ প্ৰথম নটা বলতে তিনি ৰাণত প্ৰথম তিনিগৰাকী বেটাৰক হেৰুৱাই চাপত পৰিছিল৷ কিন্তু আয়ুশ আৰু ৰিতুই ব্যক্তিগতভাবে ৪৫ ৰাণকৈ কৰাৰ লগতে ৮৮ ৰাণৰ যুটি বান্ধি দলক বিজয়লক্ষ্যত উপনিত কৰায়৷ ১৮ ৰাণত অপৰাজিত থাকে অধিনায়ক ছাহিল জৈন৷ চৰাইদেউৰ দিবাকৰ জহ’ৰি আৰু ময়ুখ হাজৰিকাই দুটাকৈ উইকেট পায়৷

ইয়াৰপূৰ্বে টছত জয়ী হৈ ডিব্ৰুগড়ৰ অধিনায়ক ছাহিেল পোনতে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়৷ বৰষুণৰ বাবে উইকেট নিশাৰে পৰা ঢাকি থোৱাত বলাৰৰ কাৰণে পৰিৱেশ অনুকুল হৈ আছিল৷ যাৰবাবে অপেনাৰ প্ৰদ্যুন শইকীয়াই আঠ বলত ১৬ ৰাণ কৰি বিস্ফোৰক আৰম্ভনি দিয়াৰ পাছতো চৰাইদেউ ছানৰাইজাৰ্ছে পাৱাৰ প্লেত ৩৬ ৰাণতে তিনিটা উইকেট হেৰুৱায়৷ ডিব্ৰুগড়ৰ নিয়ন্ত্ৰিত বলিঙত ছানৰাইজাৰ্ছে ধাৰাবাহিকভাবে উইকেট হেৰুওৱাৰ লগতে ৰাণৰ বাবে সংগ্ৰাম কৰিব লগা হয়৷

১৬.১ অভাৰত ৮৯ ৰাণতে সাতটা উইকেট হেৰুৱাই বিপদত পৰা ছানৰাইজাৰ্ছক সন্মানজনক স্থিতিত উপনীত কৰায় সৌম্য কান্তি পলে৷ ২৯ বল খেলি তিনিটা ছিক্সাৰসহ দলৰ হৈ সৰ্বাধিক ৪৬ ৰাণ কৰা সৌম্যই অষ্টম উইকেটত ময়ুষ হাজৰিকা[১] ৰ সতে ১৭ টা বলত গুৰুত্বপূৰ্ণ ৩১ ৰাণ কৰে৷ যাৰফলত চৰাইদেউ দলে এশ ৰাণ পাৰ কৰিবলৈ সক্ষম হয়৷ সাম্যই আৰু হৃষিকেশ তামুলিৰ [২২] লগতো ২৮ ৰাণৰ যুটি বান্ধিছিল৷ সাম্যৰ বিদায়ৰ লগে লগে চৰাইদেউ দলে ১৯.১ অভাৰত ১২০ ৰাণত ইনিংছ সামৰে৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা প্ৰথম এ পি এলৰ কাইলৈ দিনৰ দুই হ’বলগা প্ৰথম খেলত অপৰাজেয় বৰাক লিজেণ্ডছে যোৰহাট ষ্টেলিয়নছৰ মুখামুখি হ’ব৷ ইফালে, নিশা সাত বজাত হ’বলগা দ্বিতীয়খন খেলত নগাঁও ৰেঞ্জাৰ্ছে গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে খেলিব৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande