
নতুন দিল্লী, ০৫ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ আঁতৰোৱাৰ লগতে শিশু যৌন নিৰ্যাতন আৰু শোষণ সামগ্ৰী (চি এছ এ এম) থকা বুলি অভিযোগ উত্থাপন কৰা বিজ্ঞাপনৰ বাবে মেটাই নিজৰ ভুল স্বীকাৰ কৰি চৰকাৰৰ ওচৰত ক্ষমা বিচাৰিছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে চিএছএএম, ডিপফেক কন্টেন্ট, আৰু প্লেটফৰ্মৰ কাৰ্য্যকৰী ভুলৰ বাবে দুখ প্ৰকাশ কৰিছে।
সূত্ৰসমূহে জনোৱা মতে, মেটাই স্বীকাৰ কৰিছে যে কিছুমান বিশেষ ধৰণৰ বিষয়বস্তুৰ প্ৰচাৰৰ বাবে উল্লেখযোগ্য ধন প্ৰদান কৰা হৈছিল। চৰকাৰে কোম্পানীটোক স্পষ্ট কৰি দিছে যে যদি মেটাই সিদ্ধান্ত লয় কোনটো কন্টেন্ট কাক প্ৰদৰ্শন কৰা হ’ব তেন্তে তথ্য প্ৰযুক্তি আইনৰ অধীনত কেৱল মধ্যস্থতাকাৰী হিচাপে নিজৰ সুৰক্ষা হেৰুৱাব।
মেটাৰ মুখ্য গ্ল’বেল এফেয়াৰ্ছ বিষয়া জোৱেল কেপলানৰ নেতৃত্বত এটা প্ৰতিনিধি দলে আজি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব এছ কৃষ্ণনৰ সৈতে সাক্ষাৎ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া