
গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৬ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলী নৱগ্ৰহ শ্মশানত আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্ত্তিত পুষ্পাঞ্জলি অৰ্পন কৰে ।
ভাৰত মাতৃৰ সুযোগ্য সন্তানগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁ কয় যে গোপীনাথ বৰদলৈদেৱে ভাৰতবৰ্ষৰ সাৰ্বভৌম,অখণ্ডতা ৰক্ষাৰ বাবে বৃটিছৰ বিৰুদ্ধ যুঁজিছিল । গোপীনাথ বৰদলৈদেৱৰ সুদৃঢ় নেতৃত্বৰ বাবে অসম সুৰক্ষিত হৈ আছিল। এনে এগৰাকী অতুলনীয় ব্যক্তিৰ আদৰ্শ যুৱ প্ৰজন্মই অনুকৰণ কৰা উচিত । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজনা কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত কস্তুৰবা সেৱা আশ্ৰমৰ সেৱিকাসকলে সৰ্বধৰ্ম প্ৰাৰ্থনা, মোস্তাকিম নাজিৰিয়ে কোৰাণ পাঠ,আগছৰা ভ্ৰান্তে শিখ ধৰ্মগ্ৰন্হ পাঠ আৰু দ্বীপেন বড়োৱে বাইবেল পাঠ কৰে ।আজিৰ এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া,অতিৰিক্ত জিলা আয়ুক্ত ৰাজা বৈশ্য, লোকপ্ৰিয়গৰাকীৰ পুত্ৰ বলীন বৰদলৈ তথা পৰিয়ালবৰ্গ, গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী