
কাৰ্বি আংলং, ০৫ আগষ্ট (হি.স.)। হাওৰাঘাটৰ লোমহৰ্ষক ডকাইতি কাণ্ড।
বুধবাৰে নিশা হাওৰাঘাটত শিক্ষক বিদ্যাৰাম ছিংনাৰৰ বাসগৃহত সংঘটিত হৈছিল ডকাইতি।
লুটি নিছিল আ-অলংকাৰ, নগদ ধন, মবাইল হেণ্ডচেট আৰু মাৰুতি ছইফট বাহন।
ডকাইতৰ দলটোৱে মাৰুতি ছইফট খন নগাঁৱৰ বৰঘাটৰ বাইপাছত এৰি থৈ যায় আৰু তাৰ পৰা উদ্ধাৰ কৰে হাওৰাঘাট আৰক্ষীয়ে।
ভয়াৰ্ত্ত বৰ্বৰ নিশাটোৰ ভয়াৱহতা পাহৰিব পৰা নাই ভূক্তভোগী পৰিয়ালটোৱে।
হাতৰ আঙুলি ভাঙি/হানি-খুচি সোণৰ আঙুঠি/ সাৰু লুটি নিছিল ডকাইতৰ দলটোৱে। আনহাতে পিন চাবোলেৰে মাৰি এখন হাত ভাঙি দিয়ে শিক্ষক বিদ্যাৰাম ছিংনাৰৰ।
টোপনিতে চক খাই চিঞৰি কান্দি উঠে শিক্ষক-পত্নী সবিতা ইংতিপীয়ে। সম্প্ৰতি ভ্ৰম বকিবলৈ লৈছে তেওঁ। আক্ৰান্ত হৈছে মানসিক ৰোগত।
ঘটনাৰ এটা সপ্তাহ অতিক্ৰম পিছতো আৰক্ষীৰ সফলতা প্ৰায় শূন্য।
বিনিদ্ৰ নিশা কটাইছে হাওৰাঘাটবাসী ৰাইজে।
চৰম নিৰাপত্তাহীনতাত স্থানীয় জনতা।
সামাজিক মাধ্যমযোগে এই নিকৃষ্ট কাণ্ডৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল হাওৰাঘাটৰ বিধায়ক লুনছিং টেৰণে। পিছে ঘটনাৰ এটা সপ্তাহ পাৰ হ'ল কিন্তু কোনো ক্লু উলিয়াবলৈ সক্ষম ন'হল স্মাৰ্ট আৰক্ষী।
ভূক্তভোগীৰ আস্থা আছে ন্যায় ব্যৱস্থাৰ ওপৰত। বিচাৰিছে দৃষ্টান্তমূলক শাস্তি।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা