শ্বেখ হাছিনাই শীঘ্ৰে ঘোষণা কৰিব বাংলাদেশলৈ ঘূৰি অহাৰ তাৰিখ, গ্ৰেপ্তাৰ হ’লেও যাব
নতুন দিল্লী, ০৫ আগষ্ট (হি.স.)। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই গ্ৰেপ্তাৰ হ’লেও সকলো পৰিস্থিতিত নিজৰ দেশলৈ উভতি যাব বুলি দোহাৰিছে। তেওঁ কয় যে তেওঁৰ উভতি যোৱাটো ক্ষমতা পুনৰ লাভৰ বাবে নহয় বৰঞ্চ বাংলাদেশক গণতন্ত্ৰ, উন্নয়ন, আৰু ধৰ্মনি
बांग्लादेश की पूर्व प्रधानमंत्री शेख हसीना (फाइल फोटो)।


নতুন দিল্লী, ০৫ আগষ্ট (হি.স.)। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই গ্ৰেপ্তাৰ হ’লেও সকলো পৰিস্থিতিত নিজৰ দেশলৈ উভতি যাব বুলি দোহাৰিছে। তেওঁ কয় যে তেওঁৰ উভতি যোৱাটো ক্ষমতা পুনৰ লাভৰ বাবে নহয় বৰঞ্চ বাংলাদেশক গণতন্ত্ৰ, উন্নয়ন, আৰু ধৰ্মনিৰপেক্ষতাৰ পথলৈ ঘূৰাই অনা হ’ব। ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি যোৱাৰ মনস্থ কৰা বুলিও ইংগিত দিয়ে যদিও চূড়ান্ত তাৰিখ পিছত ঘোষণা কৰিব।

দিল্লীৰ বিদেশী সংবাদদাতা ক্লাব অৱ চাউথ এছিয়াত ভাৰ্চুৱেলি সংবাদ মাধ্যমক সম্বোধন কৰি শ্বেখ হাছিনাই কয় যে, মই সোনকালে বাংলাদেশলৈ উভতি যাম। ডিচেম্বৰ মাহত ঘূৰি অহাৰ মনস্থ কৰিছো, কিন্তু চূড়ান্ত তাৰিখ অতি সোনকালে শ্বেয়াৰ কৰিম। ইয়াৰ পূৰ্বেও মোক কেইবাবাৰো গ্ৰেপ্তাৰ কৰা হৈছে। এইবাৰ গ্ৰেপ্তাৰ হ'লেও মই নিশ্চিতভাৱে নিজৰ দেশলৈ উভতি যাম।

শ্বেখ হাছিনাই কয় যে বিগত দুবছৰ ধৰি তেওঁ নিজৰ মৰমৰ বাংলাদেশৰ দুখ-কষ্টৰ সাক্ষী হৈ আহিছে। আজিৰ বাংলাদেশ এনে নহয়, যাৰ বাবে ১৯৭১ চনৰ মুক্তিযুদ্ধত লাখ লাখ লোকে প্ৰাণ আহুতি দিছিল। ২০২৪ চনৰ জুলাই-আগষ্টৰ পৰিঘটনাবোৰ শান্তিপূৰ্ণ ছাত্ৰ আন্দোলন নহয় বৰঞ্চ সুপৰিকল্পিত ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও উল্লেখ কৰে।

ছাত্ৰ আন্দোলনৰ সময়ত তেওঁৰ চৰকাৰে আলোচনা, আইনী প্ৰক্ৰিয়া, ধৈৰ্য্যৰ জৰিয়তে সমাধান বিচাৰি উলিওৱাৰ চেষ্টা কৰা বুলিও কয়। ঘটনাৰ তদন্তৰ বাবে এখন ন্যায়িক আয়োগও গঠন কৰা হয়। তেওঁৰ মতে সংগঠিত গোটসমূহে সংস্কাৰৰ দাবীৰ আঁৰত ছাত্ৰ আন্দোলনক এক হিংসাত্মক ৰাজনৈতিক অভিযানলৈ ৰূপান্তৰিত কৰিছিল।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছক লক্ষ্য কৰি শ্বেখ হাচিনাই তেওঁক “অবৈধ শাসন ব্যৱস্থা”ৰ মুৰব্বী বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে ইউনুছে নিজেই স্বীকাৰ কৰিছিল যে ২০২৪ চনৰ আন্দোলনটো পৰিকল্পিত আছিল আৰু ইয়াৰ আঁৰত এজন মাষ্টাৰমাইণ্ড আছে। হাছিনাই উল্লেখ কৰে যে এইটো কোনো স্বতঃস্ফূৰ্ত ছাত্ৰ আন্দোলন নহয় বৰঞ্চ ক্ষমতা লাভৰ বাবে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বাহিৰত ৰচনা কৰা কৌশল।

তেখেতে উল্লেখ কৰে যে তেওঁ ৰাষ্ট্ৰপিতা শ্বেখ মুজিবুৰ ৰহমানৰ কন্যা আৰু বাংলাদেশৰ জনসাধাৰণৰ সৈতে তেওঁৰ সম্পৰ্ক কেতিয়াও বিচ্ছিন্ন হ’ব নোৱাৰে। বৰ্তমানৰ শাসন ব্যৱস্থাত আৱামি লীগৰ নেতা আৰু কৰ্মীক লক্ষ্য কৰি লোৱা হৈছে, সংখ্যালঘুসকলক নিৰ্যাতন চলোৱা হৈছে, মুক্তি যুদ্ধৰ প্ৰতীক আৰু শ্বেখ মুজিবুৰ ৰহমানৰ উত্তৰাধিকাৰ মচি পেলোৱাৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ কৰে।

প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমানৰ শাসন ব্যৱস্থাত বাংলাদেশৰ অৰ্থনীতিও প্ৰভাৱিত হৈছে, ঔদ্যোগিক উৎপাদন হ্ৰাস পাইছে। দেশখনক পুনৰ গণতন্ত্ৰ, অৰ্থনৈতিক বিকাশ, সামাজিক সম্প্ৰীতিৰ পথলৈ অনাৰ প্ৰয়োজন।

এই সময়ছোৱাত তেওঁৰ পুত্ৰ সজীব ৱাজেদে ভাৰতীয় সংবাদ মাধ্যমক বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এখন সুস্থিৰ, গণতান্ত্ৰিক, আৰু শান্তিপূৰ্ণ বাংলাদেশ কেৱল ইয়াৰ নাগৰিকৰ বাবেই নহয়, দক্ষিণ এছিয়া আৰু সামগ্ৰিকভাৱে ভাৰতৰ নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবেও অতি গুৰুত্বপূৰ্ণ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande