
শিৱসাগৰ, ০৫ আগষ্ট (হি.স.)। শিৱসাগৰৰ হাঁহচৰা লেবাং চাউলকৰা গাৱঁ জলমগ্ন আজি প্ৰায় ২০ টা দিনে।
চাৰিওফালৰ পথাৰত সাগৰ সদৃশ পানী কলগছৰ ভুঁৰ বনাই যাতায়ত। বাস কৰিছে পথাৰৰ মাজৰ আদিৰ ওপৰত চাঙ বনাই।
নাই কোনো আশ্ৰয় শিবিৰ এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱ এই স্থানত। কণ কণ শিশু সকলৰ বাবে নাই শিশু খাদ্য, মাতৃ গৰাকীও ভূগিছে পুষ্টিকৰ খাদ্যৰ অভাৱত।
সংকট ময় জীৱন অতিবাহিত বিপদ সংকুল ভাৱে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু