চৰাইদেউ ছানৰাইজাৰ্ছক ৫ উইকেটত পৰাস্ত কৰে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে
গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ অষ্টমখন খেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছে আৰম্ভণিৰ বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰি চৰাইদেউ ছানৰাইজাৰ্ছক ৫ উইকেটত পৰাস্ত কৰে। বুধবাৰে অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত ১২১ ৰানৰ লক্ষ
डिब्रूगढ़ वॉरियर्स टीम के रितुराज विश्वास।


গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ অষ্টমখন খেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছে আৰম্ভণিৰ বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰি চৰাইদেউ ছানৰাইজাৰ্ছক ৫ উইকেটত পৰাস্ত কৰে। বুধবাৰে অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত ১২১ ৰানৰ লক্ষ্য খেদি খেদি ডিব্ৰুগড়ে মাত্ৰ তিনিটা ৰানত তিনিটা উইকেট হেৰুৱাইছিল। অৱশ্যে তাৰ পাছত দলটোৱে দৃঢ়তাৰে বেটিং কৰি ১৭.৫ অভাৰত ১২১/৫ ৰান কৰি ১৩টা বল বাকী থকা অৱস্থাত জয়লাভ কৰে।

টছত জয়ী হৈ প্ৰথমে বলিং কৰিবলৈ বাছি লোৱা ডিব্ৰুগড় ৱাৰিয়ৰ্ছে ১৯.১ অভাৰত ১২০ ৰান কৰি দৈখো দাসে ৪/৩৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰোশন আলমে ৩/১৬ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ সৌম্য কান্তি পলে ২৯টা বলত ৪৬ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰ কৰাৰ বিপৰীতে হৃষিকেশ তামুলীয়ে ২২ ৰান সংগ্ৰহ কৰে।

লক্ষ্যৰ খেদি খেদি ডিব্ৰুগড়ৰ আৰম্ভণি বেয়া হয় যদিও আয়ুষ আগৰৱাল (৪৫) আৰু ঋতুৰাজ বিশ্বাসে ৪৫ ৰান কৰি চতুৰ্থ উইকেটৰ বাবে ৮৮ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰে দলটোক পুনৰ মেচলৈ আনে। অৱশেষত অধিনায়ক সাহিল জৈনে ৮টা বলত অপৰাজিত ১৮ ৰান সংগ্ৰহ কৰি দলটোক জয়ৰ দিশত আগুৱাই লৈ যায়।

চমু স্ক’ৰ : চৰাইদেউ ছানৰাইজাৰ্ছ : ১৯.১ অভাৰত ১২০ ৰান (সৌম্য কান্তি পল ৪৬, হৃষিকেশ তামুলী ২২; দয়খো দাস ৪/৩৩, ৰোশন আলম ৩/১৬)।

ডিব্ৰুগড় ৱাৰিয়ৰ্ছঃ ১৭.৫ অভাৰত ১২১/৫ (আয়ুষ আগৰৱালা ৪৫, ঋতুৰাজ বিশ্বাস ৪৫, সাহিল জৈন ১৮ নট আউট; দিবাকৰ জোহৰীয়ে ২/৩০, ময়ূখ হাজৰিকা ২/১৯)।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande