
শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। এগৰাকী নিভাঁজ জাতীয়তাবাদী, অবৈধ বিদেশী বহিস্কাৰৰ দাবীত হোৱা অসম আন্দোলনৰ তেজপুৰৰ এজন নিষ্ঠাবান তথা শক্তিশালী নেতা , তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শ্যাম সুন্দৰ বৰুৱাৰ আজি বিয়লি ৪-১০ বজাত পৰলোকপ্ৰাপ্তি ঘটিছে ৷
উল্লেখযোগ্য যে, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কেবাটাও কাৰ্যকালৰ প্ৰাক্তন সম্পাদক তথা প্ৰাক্তন সভাপতি বৰুৱাৰ ৭০বছৰ বয়সত মাজগাঁৱৰ নিজা বাসভৱনত দেহাৱসান ঘটাত তেজপুৰৰ লগতে সমগ্ৰ জিলাখনৰ জাতীয়তাবাদী শিবিৰত শোকৰ ছাঁ পৰিছে । এজন জনপ্ৰিয় আৰু প্ৰভাৱশালী ছাত্ৰ নেতা হোৱা সত্বেও পৰৱৰ্তী সময়ত কোনো ৰাজনৈতিক দলত যোগদান নকৰাকৈ সদৌ অসম ছাত্ৰ সন্থাৰ আদৰ্শৰে ব্ৰতী হৈ থকা অসম আন্দোলনৰ নিষ্ঠাবান যোদ্ধা তথা মাজগাঁও তামুলীচুবুৰী নিৱাসী শ্যামসুন্দৰ বৰুৱা (সাধু) দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল ।
উল্লেখ্য যে ১৯৮১ চনৰ পৰা ৮৪ চনলৈ শৈক্ষিক যাত্ৰাৰ কালতেই অসম আন্দোলনৰ অন্যতম ক্ষেত্ৰ হিচাপে পৰিগণিত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব কান্ধ পাতি লৈ তেজপুৰৰ পৰা সেই আন্দোলনক অধিক গতিশীল কৰি তোলাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি কেবাটাও কাৰ্যকাল সভাপতিৰ আসনত থাকি আছুৰ মজিয়াত শক্তিশালী ভূমিকা গ্ৰহণ কৰাৰ সময়ছোৱাতে ১৯৮৩ চনৰ লালেটাপুৰ হিংসাত্মক ঘটনাত যেতিয়া সতীৰ্থ ছাত্ৰ নেতা ভূপেন ডেকা নৃশংসতাৰ বলি হৈ শ্বহীদ হৈছিল সেইখিনি সময়ত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ বাবে শ্যাম সুন্দৰ বৰুৱাৰ লগতে অলক নাথকে ধৰি একাধিক ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰাৰ পিছত শ্যাম সুন্দৰ বৰুৱাও দীঘলীয়া সময় জেল হাজোতত থাকিব লগা হৈছিল ।
ইয়াৰ পূৰ্বে তেজপুৰ আইন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপেও দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হোৱা শ্যাম সুন্দৰ বৰুৱাৰ বলিষ্ঠ নেতৃত্বতে অসম আন্দোলনৰ তেজপুৰৰ শ্বহীদ সকলৰ সোঁৱৰণত জাতীয় শ্বহীদ স্মৃতি সংৰক্ষণ সমিতি গঠন হৈছিল আৰু বৰুৱাই সভাপতিৰ আসন অলংকৃত কৰি তেজপুৰৰ মাজগাঁৱৰ বৰ্তমানৰ জাতীয় শ্বহীদ বাকৰিৰ কাষতে সুন্দৰ পৰিকল্পনাৰে শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল শ্যাম সুন্দৰ বৰুৱাৰ মাৰ্গদৰ্শনেৰে । নিজেই সুন্দৰ নক্সা আদি তৈয়াৰ কৰি সেই স্মাৰক ক্ষেত্ৰ নিৰ্মাণত আগভাগ লোৱা মূল হোতা গৰাকীয়েই আছিল শ্যাম সুন্দৰ বৰুৱা ।
উল্লেখ্য যে আৰক্ষীৰ অত্যাচাৰৰ পিছতো আছুৰ মজিয়াৰ পৰা এটা দিনো কোনো কাৰণতে আঁতৰি নেথাকি পৰৱৰ্তী সময়ত অসম গণ পৰিষদ দল গঠন হোৱাৰ সময়তো সেই দলত যোগদান নকৰি কেৱল আছুৰ পতাকাখন ধৰি ৰাখিবলৈকে ব্যৱসায়ত আত্ম নিয়োগ কৰে ৷ তেওঁ এজন ক্ৰীড়া সংগঠকো আছিল আৰু নটৰাজম কলামন্দিৰে এসময়ত অনুষ্ঠিত কৰা ফুটবল প্ৰতিযোগিতাৰ লগতে বিখ্যাত ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ স’তেও জড়িত আছিল ৷ এইগৰাকী জাতীয়তাবাদী যোদ্ধা জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে প্ৰায় এটা বছৰ পূৰ্বে পত্নীৰো বিয়োগ ঘটাৰ পিছত একমাত্ৰ দিব্যাংগ কন্যাৰ সৈতে জীৱন অতিবাহিত কৰি আজি নিয়তিৰ ওচৰত হাৰ মনাত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ তেজপুৰ অঞ্চল ।
উল্লেখ্য যে জাতীয়তাবাদী যোদ্ধা গৰাকীৰ আজিৰ মৃত্যুৰ বতৰা পোৱাৰ পিছতেই একালৰ অসম আন্দোলনৰ ঘনিষ্ঠ সতীৰ্থ প্ৰাক্তন ছাত্ৰ নেতা অলক নাথ, শান্তনু মহন্ত, সুৰজিৎ বৰা, ৰমেন গোস্বামী, কৃষ্ণ পটংগীয়া, কাবুল শৰ্মা, যোগেন পটংগীয়া, যশস্কৰ বৰুৱা, ভূপেন বৰা, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, কবি -সাহিত্যিক দিলীপ ফুকন, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি নিতুল বৰা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বৰ্তমানৰ সকলো বিষয়ববীয়া বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পিছতে জাতীয় শ্বহীদ বাকৰিত সন্ধিয়া অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰৰ প্ৰায়সমূহ অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আনুষ্ঠানিকভাৱে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।
উল্লেখ্য যে মৃত্যুৰ সময়ত একমাত্ৰ কন্যা, জোঁৱাই, দুগৰাকী জ্যেষ্ঠ ভাতৃ, বৌয়েকৰ লগতে বহু আত্মীয় আৰু গুণমুগ্ধক এৰি থৈ যোৱা বৰুৱাৰ শেষ কৃত্য নিশা স্থানীয় দৌলগুৰি ৰাজহুৱা শ্মশানত সম্পন্ন হয় । আনহাতে এইগৰাকী প্ৰবল জাতীয়তাবাদী যোদ্ধা তথা মাজগাঁও বৰ নামঘৰৰ সেৱক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সমূহ ৰাইজে এফাকি ঘোষাৰে সেৱা জনায় বিদেহী আত্মাৰ সদগতি কামনা কৰে। ইফালে প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ বিয়োগত তেজপুৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন ছাত্ৰ নেতা বৃন্দাবন গোস্বামী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ শুকদেৱ অধিকাৰী, প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন জিলা সভাপতি মৃদুল কুমাৰ শৰ্মা, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰ নেতা জিতেন বৰঠাকুৰ, তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস আৰু সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, সাধৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া, অসমীয়া ক্লাবৰ সভাপতি পংকজ কুমাৰ বৰা আৰু সাধাৰণ সম্পাদক ভূপেন শৰ্মা, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মৃগেন চন্দ্র বড়া, শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা আৰু সাধৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, সাংবাদিক সন্থা জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত কুমাৰ শৰ্মা, মাজগাঁও শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ সম্পাদক হেমেন্দ্ৰ ভৰালী, নটৰাজম কলামন্দিৰৰ সাধাৰণ সম্পাদক বিনন্দ বৰা, মাজগাঁও মহিলা সমিতি আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ