
দৰং, ০৫ আগষ্ট (হি.স.)। দৰঙৰ শিলবৰীত ভয়াবহ পথ দূৰ্ঘটনা। এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু৷
এখন
ট্ৰাক আৰু স্কুটীৰ মাজত সংঘটিত এক দুৰ্ঘটনাত শিলবৰীৰ বাসিন্দা ৰফিকুল ইছলাম বেইগ নামৰ এগৰাকী অভিযন্তাৰ মৃত্যু হয়৷ স্কুটী খনৰ নম্বৰ এ এছ ১৩ কিউ ৭০৬০।
ব্যক্তিগত খন্ডৰ টেলিকম কোম্পানীত কৰ্মৰত আছিল ইছলাম৷
শিলবৰীৰ ওচৰৰ কছাৰীভেটিটোপ গাঁৱত অসম মালা পথত সংঘটিত হয় দূৰ্ঘটনা৷ পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত নিহত হোৱা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা