মঙলদৈ বেজপাৰাত দুৰ্ঘটনাগ্ৰস্ত বাহনত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগদ দুই লাখ টকা উদ্ধাৰ
মঙলদৈ বেজপাৰাত দুৰ্ঘটনাগ্ৰষ্ট বাহনত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ নগট দুই লাখ টকা উদ্ধাৰ।
মঙলদৈ বেজপাৰাত দুৰ্ঘটনাগ্ৰস্ত বাহনত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগদ দুই লাখ টকা উদ্ধাৰ


দৰং। ০৫ আগষ্ট (হি.স.): দৰং জিলাৰ মঙলদৈ বেজপাৰাত দুৰ্ঘটনাগ্ৰস্ত বাহন এখনত যোৱা কালি মঙলবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ নগদ দুই লাখ টকা উদ্ধাৰ কৰা হৈছে । এই সন্দৰ্ভত তিনি জন লোকক আটক কৰা হৈছে । মঙলদৈ ২ নং বেজপাৰাত বিলাসী বাহনত ড্ৰাগছ সৰবৰাহ কৰিবলৈ যাওঁতেই দুৰ্ঘটনাগ্ৰস্ত হয় বাহন খন ।

দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ এএছ ০১ জিভি ২৬৯৯ বুলি জানিব পৰা গৈছে। বিলাসী মহিন্দ্ৰা এক্সইউভি৫০০ বাহনখনৰ পৰা মঙলদৈ আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ২০ লাখ টকা মূল্যৰ ড্ৰাগছ সহ নগদ ২ লাখ টকা । আনহাতে গাড়ীৰ ভিতৰত অৰুণাচলৰ অন্য দুখন বেলেগ নম্বৰ প্লেট উদ্ধাৰ হয়। ধৃত তিনিজন ক্ৰমে মঙলদৈ গা ধোৱাৰ ইউচুফ আলি, পাটশালাৰ সঞ্জীৱ কলিতা আৰু মঙলদৈ নগৰবাহীৰ হবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে । ইতিমধ্যে মঙলদৈ সদৰ আৰক্ষীয়ে তিনিওকে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande