নগাঁৱত দিজু নৈৰ পুনৰ কালৰূপ ধাৰণ
পুনৰ কালৰূপ ধাৰণ কৰিছে দিজু নৈয়ে।
নগাঁৱত দিজু নৈৰ পুনৰ কালৰূপ ধাৰণ


নগাঁও, ০৫ আগষ্ট (হি.স.): নগাঁও জিলাৰ শালনাৰ কালাপানী অঞ্চলত পুনৰ আতংকৰ সৃষ্টি কৰিছে দিজু নৈৰ বাঢ়নী পানীয়ে। প্ৰায় দহ দিন পূৰ্বে পাহাৰৰ পৰা নামি অহা প্ৰবল ঢলে সমগ্ৰ অঞ্চলত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এতিয়া পুনৰ দাঁতিকাষৰীয়া পাহাৰীয়া অঞ্চলত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত দিজু নৈৰ পানীৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি পোৱাত কালাপানী অঞ্চল পুনৰ জলমগ্ন হোৱাৰ আশংকা প্ৰকট হৈ উঠিছে।

ইফালে সম্ভাৱ্য বানৰ আশংকাত অঞ্চলটোৰ বাসিন্দাসকলে পোহনীয়া জীৱ-জন্তুসমূহ লৈ ওখ আৰু নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে । বান পৰিস্থিতি পুনৰ জটিল হোৱাৰ সম্ভাৱনাই স্থানীয় লোকসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে, কালাপানীবাসীয়ে বাৰম্বাৰ স্থানীয় জনপ্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ কৰি গাঁওখনলৈ সোমাই অহা মূল পথটো ওখ কৰাৰ দাবী জনাই আহিছে। কিন্তু এতিয়ালৈকে সেই পথ উন্নীত নকৰাৰ ফলত বানৰ সময়ত গাঁওবাসীয়ে যাতায়াত, উদ্ধাৰ আৰু জৰুৰী সেৱা লাভ কৰাত চূড়ান্ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande