দৰং কংগ্ৰেছত বৃহৎ খহনীয়া
কংগ্ৰেছৰ ২৪ জন বিষয়ববীয়াৰ দল ত্যাগ৷
দৰং কংগ্ৰেছত বৃহৎ খহনীয়া


দৰং, ০৫ আগষ্ট (হি.স.): দৰং কংগ্ৰেছত বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে। দৰং জিলাৰ যুৱ কংগ্ৰেছৰ পৰা আচম্বিতে ২৪ জন নেতাই পদত্যাগ কৰে। দল ত্যাগী কংগ্ৰেছীয়ে যোগদান কৰিলে বিধায়ক বদৰুদ্দিন আজমল নেতৃত্বাধীন সৰ্বভাৰতীয় সংযুক্ত গণমৰ্চা চমুকৈ এআইইউডিএফ দলত ।

ইফালে কংগ্ৰেছৰ ২৪ জন বিষয়ববীয়াৰ দল ত্যাগৰ পিচতে জিলা যুৱ কংগ্ৰেছ নেতৃত্বই সংবাদ মেল আয়োজন কৰে ৷ সংবাদ মেলত যুৱ কংগ্ৰেছৰ সভাপতি চেখ আব্দুল্লাই পদত্যাগী সকলক অপপ্ৰচাৰ নকৰিবলৈ আহ্বান জনালে ৷ লগতে সভাপতি চেখ আব্দুল্লাই ক্ষোভ উজাৰি পদ ত্যাগী সকলক সংবাদ মেলৰ জৰিয়তে এআইইউডিএফৰ দৰে গণ বিচ্ছিন্ন দলত যোগদান নকৰিবলৈ আহ্বান জনায়। নহ’লে ভবিষ্যতে অনুশোচনাত দগ্ধ হ’ব লাগিব বুলিও সকীয়নী দিয়ে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande