
ভাৰতীয় চিকিৎসা বিজ্ঞানৰ ইতিহাসত ১৯৮৬ চনৰ ৬ আগষ্ট তাৰিখ এক ঐতিহাসিক দিন হিচাপে লিপিবদ্ধ কৰা হৈছে। আজিৰ দিনটোতে মুম্বাইৰ জছলোক হাস্পতালত ভাৰতৰ প্ৰথমটো টেষ্ট টিউব বেবী (আইভিএফ কেঁচুৱা) জন্ম হয়। এই সাফল্যই দেশত প্ৰজনন চিকিৎসাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিলে।
মণি চাৱদা আৰু তেওঁৰ স্বামীয়ে বহুদিন ধৰি সন্তানৰ বাবে অপেক্ষা কৰি আছিল যদিও স্বাভাৱিক গৰ্ভধাৰণ সম্ভৱ নাছিল। তেওঁলোকে প্ৰখ্যাত স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ইন্দিৰা হিন্দুজাৰ পৰামৰ্শ লয়। ডাঃ হিন্দুজাই তেওঁলোকক ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন (IVF) গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।
এই প্ৰক্ৰিয়াত পৰীক্ষাগাৰত শুক্ৰাণু আৰু কণীক নিষিক্ত কৰি ভ্ৰূণ সৃষ্টি কৰা হয়। ১৯৮৫ চনৰ ৩০ নৱেম্বৰত মণি চাৱদাৰ জৰায়ুত এই ভ্ৰূণ সংস্থাপন কৰা হয়। পিছত ১৯৮৬ চনৰ ৬ জানুৱাৰীত আল্ট্ৰাছাউণ্ডত গৰ্ভধাৰণ নিশ্চিত হয়।
প্ৰায় ৯ মাহৰ পাছত ১৯৮৬ চনৰ ৬ আগষ্টত পুৱা প্ৰায় ৩:৩০ বজাত মণি চাৱদাই হৰ্ষ নামৰ এটি সুস্থ কন্যা সন্তান জন্ম দিয়ে। এইটোৱেই আছিল ভাৰতত আইভিএফৰ জৰিয়তে জন্ম হোৱা প্ৰথমটো কেঁচুৱা। পিছৰ বছৰবোৰত হৰ্ষ নিজেই এগৰাকী মাতৃ হৈ এই কৌশলৰ সফলতা আৰু বিশ্বাসযোগ্যতা আৰু অধিক শক্তিশালী কৰি তুলিছিল।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৮২৫ – বলিভিয়াই পেৰুৰ পৰা স্বাধীনতা লাভ কৰে।
১৮৬২ - মাদ্ৰাজ উচ্চ ন্যায়ালয় স্থাপন।
১৯০৬ – বিশিষ্ট স্বাধীনতা সংগ্ৰামী চিত্তৰঞ্জন দাস আৰু অন্যান্য কংগ্ৰেছ নেতাই বন্দে মাতৰম কাকত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে।
১৯১৪ – অষ্ট্ৰিয়াই ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৯২৬ – আমেৰিকান সাঁতোৰবিদ গেৰ্ট্ৰুড এডাৰলে ইংলিছ চেনেল পাৰ হৈ সাঁতুৰি যোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
১৯৪৫ – আমেৰিকাই জাপানৰ হিৰোছিমা চহৰত প্ৰথম পৰমাণু বোমা নিক্ষেপ কৰে।
১৯৬০ - কিউবাই নিজৰ সকলো সম্পত্তি ৰাষ্ট্ৰীয়কৰণ।
১৯৬২ – জামাইকাই স্বাধীনতা লাভ কৰে।
১৯৬৪ – আমেৰিকাৰ নেভাদাত বিশ্বৰ আটাইতকৈ পুৰণি গছ প্ৰমিথিউছ কাটি পেলোৱা হয়।
১৯৮৬ – ভাৰতৰ প্ৰথমটো টেষ্ট টিউব কেঁচুৱা জন্ম হয়।
১৯৯০ – পাকিস্তানৰ ৰাষ্ট্ৰপতি গুলাম ইছাক খানে বেনজিৰ ভুট্টোক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰে।
১৯৯৬ - নাছাই মংগল গ্ৰহত জীৱনৰ সম্ভাৱনা প্ৰকাশ কৰে।
১৯৯৭ - শ্ৰীলংকাই টেষ্ট ক্ৰিকেটত সৰ্বাধিক দীঘলীয়া ইনিংছৰ অভিলেখ গঢ়িছিল।
২০০১ - ভাৰত আৰু অষ্ট্ৰেলিয়াই অৰ্থনৈতিক চুক্তি স্বাক্ষৰ কৰে।
২০০২ - ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ বাবে অষ্ট্ৰেলিয়াই পাকিস্তানৰ পৰা নিজৰ নাগৰিকক উলিয়াই আনে।
২০০৪ - ২০০০ চনত ফিজিৰ প্ৰধানমন্ত্ৰী মহেন্দ্ৰ চৌধৰীৰ বিৰুদ্ধে অভ্যুত্থানৰ অপৰাধত উপ-ৰাষ্ট্ৰপতি জোপে চেনিলোলিক চাৰি বছৰৰ কাৰাদণ্ড বিহা হয়।
২০০৫ - দুয়োখন দেশে যৌথ সীমান্ত টহল তীব্ৰতৰ কৰিবলৈ সন্মত হয়।
২০০৭ – মধ্য ত্ৰিনিদাদত এটা পুৰণি হিন্দু মন্দিৰৰ ক্ষতিসাধন হয়।
২০০৭ – হাংগেৰীৰ বিজ্ঞানীসকলে প্ৰায় ৮০ লাখ বছৰ পুৰণি পাইন গছৰ জীৱাশ্ম আৱিষ্কাৰ কৰা বুলি দাবী কৰে।
২০০৮ – চৰকাৰী কোম্পানী ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেডে অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণপট্টনমত ৮৮০ মেগাৱাটৰ ছুপাৰক্ৰিটিকেল বয়লাৰ স্থাপনৰ নিৰ্দেশ লাভ কৰে, যিটো ইয়াৰ প্ৰথম এনে অৰ্ডাৰ।
২০০৮ - ছিমিৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে দিয়া সিদ্ধান্ত স্থগিত ৰাখে।
২০১০ – আজিৰ দিনটোতে জম্মু-কাশ্মীৰত আকস্মিক বানপানীৰ ফলত কমেও ২৫৫ জন লোকৰ মৃত্যু হয়।
২০১১ - শুকুৰবাৰে পুয়েয়া থাই পাৰ্টিৰ ইংলাক শ্বিনাৱাট্ৰাই থাইলেণ্ডৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়।
২০১২ - নাছাৰ কিউৰিয়াচিটি ৰভাৰ মংগল গ্ৰহত উপস্থিত হয়।
জন্ম
১৯১৫ – গুৰদিয়াল সিং ধিলন - ভাৰতৰ পঞ্চমজন লোকসভাৰ অধ্যক্ষ।
১৯২১ - কে এম চাণ্ডী - স্বাধীনতা সংগ্ৰামী আৰু গুজৰাট আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল।
১৯৩৩ - এ জি কৃপাল সিং, ভাৰতীয় ক্ৰিকেটাৰ।
১৯৪৪ - অবিনাশ দীক্ষিত - ভাৰতীয় মূলৰ আমেৰিকান অৰ্থনীতিবিদ।
১৯৫৯ – ৰাজেন্দ্ৰ সিং - ভাৰতৰ বিখ্যাত পৰিবেশ কৰ্মী।
১৯৭০ - ভাৰতীয়/আমেৰিকান চলচ্চিত্ৰ পৰিচালক এম নাইট শ্যামলন।
মৃত্যু
১৯২৫ – ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ছাৰ সুৰেন্দ্ৰনাথ বেনাৰ্জী।
১৯৮২ – আজিৰ দিনটোতে গোডে মুৰাহাৰী - ষষ্ঠ লোকসভাত লোকসভাৰ উপ অধ্যক্ষ।
১৯৮২ - বিখ্যাত মালয়ালম সাহিত্যিক এছ কে পটেকাট।
১৯৯৭ – বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য - অসমীয়া সাহিত্যিক।
২০০৩ – ৰবিন বেনাৰ্জী - বিখ্যাত বন্যপ্ৰাণী বিশেষজ্ঞ, পৰিৱেশবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা।
২০০৬ – সুৰজ ভান - ভাৰতীয় ৰাজনীতিবিদ আৰু দলিত নেতা।
২০১৮ - আৰ কে ধাৱন - ভাৰতীয় ৰাজনীতিবিদ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ।
২০১৯ - সুষমা স্বৰাজ - বিজেপিৰ শীৰ্ষ নেত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, আৰু দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী।
গুৰুত্বপূৰ্ণ অনুষ্ঠান
- বিশ্ব স্তনপান দিৱস (সপ্তাহ)।
- হিৰোচিমা দিৱস।
-----------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ