
কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ সৈতে কেইবাটাও বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
বান সাহায্য প্রদানত দেখুওৱা তৎপৰতাৰ বাবে ৰাজ্য চৰকাৰকপ্রশংসা কেন্দ্রীয় মন্ত্ৰী নড্ডাৰ
শিৱসাগৰ, ০৫ আগষ্ট (হি.স.)। বান পৰিস্থিতিৰ পর্যবেক্ষণ আৰু বন্যাতৰ খবৰ ল'বলৈ চাৰিদিন ধৰি উজনি অসমত বাহৰ পাতি থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কেন্দ্ৰীয় চৰকাৰৰ প্রতিনিধিহিচাপে উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ অহা কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্রী জে পি নাড্ডাৰ সৈতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কেইবাটাও বন্যাক্রান্ত অঞ্চল পৰিদর্শন কৰে । একেৰাহে চতুর্থ দিনৰ বাবে বানপীড়িত ৰাইজৰ
দুখ-দুর্দশাৰ বুজ লোৱা মুখ্যমন্ত্রীয়ে বানত নিহত হোৱা এজন ছাত্ৰৰ বাসগৃহলৈ গৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন প্রদান কৰাৰ লগতে নাজিৰাত বোকা-পানীৰ মাজেবে পদব্রজে গৈ বান পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ পর্যবেক্ষণ কৰে। তেওঁ আমগুৰিত এটা আশ্রয় শিবিৰো পৰিদর্শন কৰে।
মুখ্যমন্ত্রী ড০ শর্মাই কেন্দ্রীয় মন্ত্রী নড্ডাৰ সৈতে প্রথমে শিৱসাগৰ জিলাৰ নাজিৰাৰ চণ্টকত উপস্থিত হৈ বানপীড়িত গাঁও, সাহায্য শিবিৰ, ক্ষতিগ্রস্ত খেতি পথাৰ আৰু বাসগৃহসমূহ পৰিদর্শন কৰাৰ লগতে বন্যাক্রান্ত ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ প্রয়োজনীয়তা আৰু সন্মুখীন হোৱা সমস্যাসমূহৰবিষয়ে প্রত্যক্ষভারে বুজ লয়। তেওঁলোকে বান সাহায্য ব্যৱস্থাপনা আৰু পুনর্বাসন ব্যবস্থাৰো পর্যালোচনা কৰে পৰিদর্শনকালত মুখ্যমন্ত্রীয়ে কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈতে ট্রেক্টৰত উঠি বানত ব্যাপকভাৱে ক্ষতিগ্রস্ত বিহুবৰৰ গড়মূৰ মিৰি ৰাজহ গাঁৱৰ অন্তৰ্গত নেপালীখুটিলৈ গৈ সামগ্রিক ক্ষয় ক্ষতি স্বচক্ষে পর্যবেক্ষণ কৰে আৰু বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে। লগতে স্থানীয় ৰাইজৰ পৰা বজাপুল, হোলোং কাটনি, তিপমীয়া, বেংমুৰীয়া কোঁৱৰ, লুথুৰী, বৰমিচিং আদি গাঁৱৰ বানপৰিস্থিতি, ক্ষয়-ক্ষতি আৰু পুনৰ্নিৰ্মাণৰ প্রয়োজনীয়তাৰবিষয়েও বিস্তৃতভাবে বুজ লয়।
মুখ্যমন্ত্রী ড° শর্মাই বানপীড়িত প্রতিটো পৰিয়াললৈ সময়মতে সাহায্য, ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ সকলো ব্যৱস্থা সুনিশ্চিত কৰিবলৈ অসম চৰকাৰে পূর্ণ দায়ৱদ্ধতাবে কাম কৰি আছে বুলি মন্তব্য কৰে। তেওঁ কয় যে বানত হোৱা ক্ষয়-ক্ষতিৰ চৰজমিন পর্যবেক্ষণ কৰিবলৈ প্রধানমন্ত্রীয়ে কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাক প্রেৰণ কৰিছে। নাড্ডাই বন্যাক্রান্ত ৰাইজৰ দুর্দশা নিজ চকুৰে দেখিছে। তেওঁ প্রধানমন্ত্রীক পৰিস্থিতিৰ বিষয়ে অৱগত
কৰিবগৈ। কেন্দ্রীয় মন্ত্রী জে পি নড্ডাইও বানপীড়িত ৰাইজৰ প্রতি গভীৰ সমবেদনা প্রকাশ কৰি এই দুর্যোগৰ সময়ত অসমবাসীৰ কাযত কেন্দ্রদ্ৰীয় চৰকাৰ থিয় দিআছে বুলিকয়। তেওঁ বান সাহায্য প্রদানত মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাবে দেখুওৱা তৎপৰতা আৰু সক্ৰিয়তাৰ শলাগ লয়। এই পৰিদর্শনকালত অসম চৰকাৰৰ কৃষি আদি বিভাগৰ মন্ত্রী পীযূষ হাজৰীকা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্রী অশোক সিংহল, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্রী কেশৱ মহন্ত, জলসম্পদ আদি বিভাগৰ মন্ত্রী সুশান্ত বৰগোঁহাই আৰু বিধায়ক তৰংগ গগৈ উপস্থিত থাকে।
ইয়াৰ পিছতে মুখ্যমন্ত্রী ড০ শর্মাই প্রলয়ংকাৰী বানত নিহত হোৱা নাজিৰাৰ বামুণ পুখুৰীৰ বিদিপ পাণিকা নামৰ সপ্তম শ্রেণীৰ ছাত্ৰজনৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পিতৃ-মাতৃক সমবেদনা জনায় আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকাৰ আর্থিক সাহায্য প্রদান কৰে । উল্লেখ্য যে বানপানীত উটি গৈ প্রাণৰ তাড়ণাত ককবকাই থকা মৰমৰ পোহনীয়া কুকুৰটোৰ জীৱন ৰক্ষা কৰিবলৈ গৈ সলিল সমাধি ঘটিছিল ছাত্রজনৰ। মুখ্যমন্ত্রীয়ে
ছাত্রজনৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালটোক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্রদান কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড শর্মাই নাজিৰাৰ বামুণ পুখৰী চাহ বাগিচাৰ সমীপৱৰ্তী টেঙাহোলা, গোহাঁইবাৰী আদি অঞ্চলত বোকা-পানী খচকি পদব্রজে গৈ বান পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ পর্যবেক্ষণ কৰে। তেওঁ বানপীড়িত লোকসকলৰ সৈতে আন্তৰিকভাৱে মত বিনিময় কৰে আৰু খাদ্য,বিশুদ্ধ খোৱাপানী, স্বাস্থ্যসেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় সুবিধাসমূহ সুনিশ্চিত কৰাৰ বাবে জিলা প্রশাসনক প্রয়োজনীয় নির্দেশনা প্রদান কৰে।
বানপীড়িত পৰিয়ালসমূহক আশ্বস্ত কৰি মুখ্যমন্ত্রীয়ে কয় যে এই দুর্যোগৰ সময়ত অসম চৰকাৰ প্ৰতিগৰাকী ক্ষতিগ্রস্ত নাগৰিকৰ কাষত দৃঢ়ভাৱে থিয় দিছে । তেওঁ কয় যে ঘৰ, খেতি, পথ-দলং আদিব স্থায়ী ক্ষয়-ক্ষতিৰ জৰীপ কৰি ক্ষতিপূৰণ, পুনৰ্বাসন আৰু পুনর্নিৰ্মাণৰ ব্যৱস্থা অগ্রাধিকাৰৰ ভিত্তিত কৰা হ'ব। মুখ্যমন্ত্রী ড°শর্মাই শিৱসাগৰ জিলাৰ আমগুৰি চাহ বাগিচা আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বানসাহায্য শিবিৰটো পৰিদর্শন কবি ইয়াত আশ্রয় গ্রহণ কৰি থকা বানপীড়িত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহৰ বুজ লয়। তেওঁ শিবিৰটোত খাদ্য, বিশুদ্ধ খোরাপানী, স্বাস্থ্যসেৱা আৰু অন্যান্য অত্যাবশ্যকীয় সুবিধাসমূহৰ পর্যালোচনা কৰিবিষয়াসকলক সকলো সুবিধা সময়মতে সুনিশ্চিত কৰিবলৈ
নির্দেশ দিয়ে । অঞ্চলবাসীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্রীয়ে জাঁজী নৈৰ ওপৰত থকা আহোম দলঙৰ সূচল যাতায়াতৰ বাবে প্রয়োজনীয় ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে । মুখ্যমন্ত্রীয়ে ৰাইজৰ পৰা অঞ্চলটোৰ আন সমস্যাসমূহৰ বিষয়েও অৱগত হয় আৰু দীর্ঘম্যাদী সমাধানৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব বুলি আশ্বাস প্রদান কৰে।
এই পৰিদর্শনকালত কৃষি আদি বিভাগৰ মন্ত্রী পীযুষ হাজৰীকা, বিধায়ক তৰংগ গগৈ আৰু ময়ূৰ বৰগোঁহাই উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী