তেজপুৰত গো-মাংসৰ চোৰাং বেহাঃ চোৰাং গৰুৰে অবৈধভাৱে চলাই গৈছে নিষিদ্ধ বেহা
শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। তেজপুৰৰ নিকটৱৰ্তী তথা ধৰ্মীয় সংখ্যালঘু বসতিপ্ৰধান একাধিক অঞ্চলত অব্যাহত আছে নিষিদ্ধ গো-মাংসৰ অবৈধ বেহা ৷ আনকি এই বিষয়ে স্থানীয় একাংশলোকেই অভিযোগ উত্থাপন কৰাৰ লগতে এনে বেহাকলৈ স্তম্ভিত কৰিছে সৰ্বসাধাৰণক ৷ অভিযোগ অনুসৰি
তেজপুৰত গো-মাংসৰ চোৰাং বেহাঃ চোৰাং গৰুৰে অবৈধভাৱে চলাই গৈছে নিষিদ্ধ বেহা


শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। তেজপুৰৰ নিকটৱৰ্তী তথা ধৰ্মীয় সংখ্যালঘু বসতিপ্ৰধান একাধিক অঞ্চলত অব্যাহত আছে নিষিদ্ধ গো-মাংসৰ অবৈধ বেহা ৷ আনকি এই বিষয়ে স্থানীয় একাংশলোকেই অভিযোগ উত্থাপন কৰাৰ লগতে এনে বেহাকলৈ স্তম্ভিত কৰিছে সৰ্বসাধাৰণক ৷ অভিযোগ অনুসৰি তেজপুৰৰ পূৰ্বাঞ্চলৰ লগতে উপকন্ঠ অঞ্চলত সঘনে চুৰি হোৱা গৰু এটা চক্ৰৰ জৰিয়তে অতি কম মূল্যত চুৰি গৰুৰ ক্ৰয় বিক্ৰয় হৈ আহিছে আৰু এই সুযোগলৈ একাংশই চলাই আহিছে গো-মাংসৰ গোপন বেহা ৷

স্থানীয় একাংশ সচেতন লোকৰ খবৰৰ ভিত্তিত চকিঘাট দলঙৰ সমীপ কুৰকানিত নিষিদ্ধ মাংসৰ এই গোপন বেহাৰ বিষয়ে পোহৰলৈ আহে ৷ আনহাতে ঘটনাস্থলীত সাংবাদিকৰ উপস্থিত হোৱাৰ লগে লগে পলাই পত্ৰং দিয়ে গো-মাংস বেহাৰে জড়িত ব্যক্তিৰ লগতে একাংশ গ্ৰাহক ৷ স্থানীয় একাংশ সচেতন লোকৰ মতে ইয়াত এইদৰে নিয়মীয়াকৈ চলি আহিছে এইখন বজাৰ ৷ তদুপৰি তেজপুৰৰ পূৰ্ৱাঞ্চলৰ আন একাংশ স্থানতো গো-মাংস বিক্ৰী হৈ আহিছে যদিও সেয়া প্ৰশাসনৰ অনুমতি সাপেক্ষে বৈধভাৱে চলি আছে বুলিও প্ৰকাশ কৰে স্থানীয় লোকে ৷ অৱশ্যে কুৰকানিত চলা এই অবৈধ বেহা কাৰ ছত্ৰছায়াত ইমানদিনে চলি আহিছে সেইলৈয়ো প্ৰশ্ন উত্থাপিত হৈছে ৷

উল্লেখযোগ্য যে, স্থানীয় হুছেইন আলি নামৰ এজন লোকৰ নেতৃত্বত এইদৰে নিষিদ্ধ মাংসৰ বেহা কুৰকানিত চলি আহিছে বুলিও চৰ্চিত হোৱাৰ লগতে অভিযোগ অনুসৰি হুছেইন আলিয়ে আন সহযোগীৰ স'তে স্থানীয় আৰক্ষীক মেনেজ কৰি অব্যাহত ৰাখিছে এই বেহা৷বৰঘাট আৰক্ষী চকী অন্তৰ্গত অঞ্চলটোত চলা এই বেহা অচিৰেই বন্ধ হ'ব লাগে বুলিও স্থানীয় বহুকেজন লোকে আহ্বান জনাইছে ৷ ৰাইজৰ মতে এই বেহাৰ আঁৰত এটা শক্তিশালী চক্ৰ জড়িত হৈ আছে আৰু এনে নিষিদ্ধ বজাৰৰ বিৰোধিতা কৰিলেই এই চক্ৰটোৱে তেনেলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাবে বিভিন্ন পন্থা অৱলম্বন কৰে ৷ কিন্তু এই বেহাৰ বাবেই তেজপুৰৰ লগতে কাষৰীয়া বিভিন্ন অঞ্চলত সঘনাই গৰু চুৰিৰ ঘটনা সংঘটিত হোৱাৰ বিষয়ে উল্লেখ কৰি একাংশ লোকে কয় যে, এনে বেহা বন্ধ কৰাৰ ক্ষেত্ৰত প্ৰশাসন আৰু আৰক্ষীয়ে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande