অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ
গোলাঘাট, ০৫ আগষ্ট (হি.স.)। অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ ৷ উজনিৰ প্ৰলয়ংকাৰী বানৰ দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্মুখত থাকি বান পৰিস্থিতি অধ্যয়ন কৰিছে ৷
অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ


গোলাঘাট, ০৫ আগষ্ট (হি.স.)। অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ ৷ উজনিৰ প্ৰলয়ংকাৰী বানৰ দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্মুখত থাকি বান পৰিস্থিতি অধ্যয়ন কৰিছে ৷ তেওঁ দৰে দক্ষ ব্যক্তি বিৰল ৷ তেওঁ নিজে পানীত নামি দুৰ্গতসকলৰ খবৰ লৈছে ৷ সি অতি ভাল কথা ৷ কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতি পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ আহ্বান, এই মহা প্ৰলয়ংকাৰী বানৰ পৰিৱেশ অধ্যয়ন কৰিবৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীক এবাৰ অসম ভ্ৰমণলৈ আনিব লাগিছিল ৷

সেই কাম কৰিলে অসমৰ বান পৰিস্থিতি অধ্যয়ন কৰি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাত কোনো অসুবিধা নহ'ব ৷ বুধবাৰে উজনিৰ নাজিৰাৰ বান দুৰ্গতসকলৰ কাষলৈ যোৱাৰ পথত বোকাখাতত এই মন্তব্য সঙ্ঘৰ পদাধিকাৰ গৰাকীৰ ৷ মানৱ সমাজৰ প্ৰতি প্ৰকৃতি ৰুস্ত হোৱাৰ বাবেই অসমত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ ইয়াক নিবাৰন কৰা অসম্ভৱ ৷ প্ৰকৃতিৰ এই তাণ্ডৱৰ পিছত মানৱ সমাজে ধৈৰ্যৰে আগবাঢ়িব লাগিব ৷ এই ক্ষেত্ৰত দুৰ্গতসকলক জাতি, বৰ্ণ, ধৰ্ম, সম্প্ৰদায় পৰিহাৰ কৰি ইজনে সিজনক সহায় কৰিব লাগিব ৷ ইতিমধ্যে উজনিত যোৱা ১৯ জুলাইৰ প্ৰলয়ংকাৰী বানৰ পিছত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সেৱা বাহিনীৰ সেৱক-সেৱিকাসকলে নিৰৱচিন্নভাৱে সেৱা আগবঢ়াই আহিছে ৷

তাৰোপৰি সঙ্ঘৰ প্ৰতিখন জিলা শাখাই সাধ্যানুসাৰে বানাক্ৰান্তক সেৱা আগবঢ়াই আহিছে ৷ মূল সঙ্ঘৰ ফালৰ পৰাও দুৰ্গতসকলক সেৱা আগবঢ়াই আহিছে ৷ আজি আমিও নাজিৰাৰ দুৰ্গতসকলৰ কাষলৈ গৈ সাধ্যানুসাৰে সেৱা আৰু সাহাৰ্য আগবঢ়াম বুলি মন্তব্য কৰে পদাধিকাৰগৰাকীয়ে ৷ যোৱা নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বূঢ়াপাহাৰত হোৱা ভূমিস্খলনত হোনো হানিবিঘিণি নোহোৱাকৈ পাৰ হৈ অহা বুলি মন্তব্য পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande