
মৰিগাঁও, ০৫ আগষ্ট (হি.স.): মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষীয়ে এক সফল অভিযান চলাইছে । জাগীৰোডত যোৱা কালি মঙলবাৰে সন্ধিয়া জব্দ কৰা হৈছে ২,৭৪৭ টা বটল কফ চিৰাপ । এই সন্দৰ্ভত দুজনক আটক কৰিছে আৰক্ষীয়ে।
ধৃত দুই সৰবৰাহকাৰীৰ নাম দীপক ৰাজবংশী আৰু সত্যজিত দাস বুলি কোৱা হৈছে । জব্দকৃত কফ চিৰাপ খিনিৰ বজাৰ মুল্য প্ৰায় ৩০ লাখ টকা হ’ব বুলি প্ৰকাশ কৰা হৈছে । উল্লেখ্য় যে এএছ ০১ বিটি ৩৩৯৯ নম্বৰৰ ইন’ভা গাড়ীত সৰবৰাহ কৰিছিল নিচাজাতীয় সামগ্ৰীখনি।মন কৰিবলগীয়া যে গাড়ীখনৰ নম্বৰ প্লেটত গভৰ্ণমেন্ট অৱ আছাম (Govt. Of Assam) লিখা আছে । এই সন্দৰ্ভত অপৰাধ শাখাৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ