অসমৰ বানঃ ১০ খন জিলাৰ ১,২২,১৩৭ জন লোক এতিয়াও ক্ষতিগ্ৰস্ত, আৰু ২ টা মৃতদেহ উদ্ধাৰ
গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। অসমত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নড্ডা । আজি তেওঁ শিৱসাগৰ জিলাৰ নেপালী খুঁটি গাঁও পৰিদৰ্শন কৰিব, যিখন গাঁও বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও তেওঁৰ লগত উপস্থিত থাকি
असमः बाढ़ प्रभावित इलाके का दौरे करते मुख्यमंत्री डॉ. हिमंत बिस्व सरमा


গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। অসমত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নড্ডা । আজি তেওঁ শিৱসাগৰ জিলাৰ নেপালী খুঁটি গাঁও পৰিদৰ্শন কৰিব, যিখন গাঁও বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও তেওঁৰ লগত উপস্থিত থাকিব। উল্লেখ্য যে, উজনি অসমৰ চাৰিখন জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট বানপানীৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। নদীৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ পিছতো মানুহৰ ঘৰত আৰু পথত বোকা–বালি আদি ৰৈ গৈছে। চৰকাৰৰ সমান্তৰালকৈ স্বেচ্ছাসেৱী সংগঠন আৰু ব্যক্তিসকলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ হাত আগবঢ়াই সাহায্য কামত সহায় কৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই যোৱা ৪ আগষ্টত প্ৰকাশ কৰা তথ্য অনুসৰি ধনশিৰি নদী (নুমলীগড়) এতিয়াও বিপদৰ চিহ্নৰ ওপৰেৰে বৈ আছে, যাৰ ফলত ব্যাপক আতংকৰ সৃষ্টি হৈছে । ইফালে মঙলবাৰে আৰু দুটা মৃতদেহ উদ্ধাৰ কৰা হয়: এটা শিৱসাগৰ আৰু এটা গোলাঘাট জিলাত । ইয়াৰ লগে লগে ৰাজ্যত বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৯ জনলৈ বৃদ্ধি পালে।

বৰ্তমান মুঠ ১০ খন জিলা বানপানীৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে । তিনিখন নতুন জিলা ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত শিৱসাগৰ, ধেমাজি, গোলাঘাট, ডিব্ৰুগড়, চৰাইদেউ, কামৰূপ (মেট্ৰ'), বিশ্বনাথ, লখিমপুৰ, যোৰহাট আৰু নগাঁও। ১০ খন জিলাৰ ২৮ টা ৰাজহ বিভাগৰ মুঠ ৩৬৫ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে । ৰাজ্যখনৰ মুঠ ১,২২,১৩৭ জন লোক এতিয়াও ক্ষতিগ্ৰস্ত, আৰু ১৫,৩৪২.৯২ হেক্টৰ কৃষিভূমি ডুব গৈছে।

ৰাজ্য চৰকাৰে এতিয়াও বানত ক্ষতিগ্ৰস্তসকলৰ বাবে ৩৯টা সাহায্য শিবিৰ আৰু ১৬টা সাহায্য বিতৰণ কেন্দ্ৰকে ধৰি মুঠ ৫৫টা সাহায্য শিবিৰ চলাই আছে। ১২,৩৮২ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ থকাৰ বিপৰীতে ৫,৪৭৫ জন অশিবিৰ বাসিন্দাই সাহায্য বিতৰণ কেন্দ্ৰত সাহায্য লাভ কৰি আছে ।

মঙলবাৰে শিৱসাগৰ জিলাত এজন আৰু গোলাঘাট জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । ইয়াৰ ফলত ৰাজ্যখনত বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৯ জনলৈ বৃদ্ধি পাইছে । এতিয়াও বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মুঠ জীৱ-জন্তুৰ সংখ্যা ২৬,৫৭৫ টা, য’ত ১৪,৪৬৩ টা ডাঙৰ জীৱ-জন্তু, ১১,৬৩০ টা সৰু জীৱ-জন্তু, আৰু ৪৮২ টা হাঁহ-কুকুৰাৰ জীৱ-জন্তু আছে।

৪ আগষ্ট পৰ্যন্ত শিৱসাগৰ জিলাত বানপানীৰ ফলত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা জুপুৰী ঘৰৰ সংখ্যা ৯৯ টা । শিৱসাগৰ জিলাত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত পকী ঘৰৰ সংখ্যা ২৫ টা শিৱসাগৰ জিলাত মুঠ ক্ষতিগ্ৰস্ত গৰু-ম’হৰ সংখ্যা ১৩৫টা।

এছডিআৰএফ, সেনা/অৰ্ধসামৰিক বাহিনী, এনডিআৰএফ, ডিডিআৰএফ, বায়ুসেনা, আৰক্ষী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা (এফ এণ্ড ই এছ), চক্ৰ কাৰ্যালয়/স্থানীয় প্ৰশাসন, অসামৰিক প্ৰতিৰক্ষা/প্ৰশিক্ষিত স্বেচ্ছাসেৱক, আৰু অগ্নিনিৰ্বাপক বিভাগে বান সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । ইফালে, ৰাজ্য চৰকাৰে শনিবাৰে বানাক্ৰান্ত অঞ্চলত মুঠ ৪৫টা চিকিৎসা দল মোতায়েন কৰে । তেৰখন নাৱেও সাহায্য অভিযানত নিয়োজিত হৈছিল। ইফালে ৮৩ জন বানাক্ৰান্ত লোকক উদ্ধাৰ কৰি নাৱেৰে সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে।

ৰাজ্য চৰকাৰে বানপীড়িত লোকসকলৰ মাজত চাউল (কুইণ্টলত): ৯৯.৬৩৪, দাইল (কুইণ্টলত): ১৮.৪৭১, নিমখ (কুইণ্টলত): ৬.২৩৬৩, সৰিয়হৰ তেল (লিটাৰত): ৬০৮.৮৩, আৰু পশু খাদ্য - ধানৰ মল: ২৩৪.৬ কুইন্টলসহ সাহায্য সামগ্ৰী বিতৰণ কৰে।

বানপানীৰ ফলত পথ, দলং, অন্যান্য আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে। পৰিস্থিতিৰ বুজ ল’বলৈ চৰকাৰে নিয়মিতভাৱে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি আছে ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহৰহ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰি আছে ।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande