
শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। অসমত ইতিমধ্যে আৰম্ভ হোৱা লোকগণনা সন্দর্ভত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে অসমৰ সকলো জনসাধাৰণলৈ বিনম্র অনুৰোধ জনাই সকলোৱে লোকগণনাৰ বিষয়াৰ লগত সৰ্বতোপ্ৰকাৰে সহযোগ কৰে আৰু বন্যার্তসকলৰ বাবে সময়সূচীৰ বিশেষ ব্যৱস্থা ল'বলৈয়ো চৰকাৰক আহ্বান জনায়।
সভাপতিগৰাকীয়ে বিবৃতিটোৰ জৰিয়তে অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ লোকসকল, যিসকলৰ শিক্ষাগ্রহণ বা সংযোগী ভাষা অসমীয়া- আটাইকে নিজস্ব ভাষা বা দোৱানৰ লগতে অসমীয়া ভাষা যে মূল সংযোগী ভাষা সেই কথা লোকগণনাৰ সময়ত গণনাকাৰীসকলক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে । অসম সাহিত্য সভা অসমৰ সকলো জনগোষ্ঠীৰে নিজস্ব সকলোধৰণৰ বৈশিষ্ট্যৰ প্ৰতি শ্ৰদ্ধাশীল আৰু আটাইৰে নিজস্ব বৈশিষ্ট্যসমূহ বৰ্তাই ৰখাৰ পোষকতা কৰে।
সভাপতিগৰাকীয়ে স্পষ্ট কৰে যে আমাৰ অসমীয়া জাতিটো ভাষাভিত্তিক, ধর্মভিত্তিক নহয়। গতিকে সকলো জাতি-জনগোষ্ঠীয়ে যি যেনেকৈ ধৰ্ম পালন কৰক, ভাষাৰ ক্ষেত্ৰত যাতে অকল নিজস্ব ভাষা বা দোৱানৰ লগতে মূল সংযোগী ভাষা অসমীয়া বুলি লিপিবদ্ধ কৰে তাৰ প্রতি আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ