
জম্মু, ০৫ আগষ্ট (হি.স.)। জম্মু-কাশ্মীৰত ৩৭০ আৰু ৩৫এ অনুচ্ছেদ বাতিলৰ আজি সপ্তম বাৰ্ষিকী। ইয়াৰ পৰিপ্ৰেক্ষিতত উপত্যকাত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইফালে এই দিনটোত প্ৰতিবাদৰ আহ্বান জনাইছে পিপলছ ডেম’ক্ৰেটিক পাৰ্টি আৰু নেশ্যনেল কনফাৰেন্স দলে। আজি নিৰাপত্তাজনিত কাৰণত অমৰনাথ তীৰ্থযাত্ৰীৰ যাত্ৰা স্থগিত ৰখা হৈছে। অৱশ্য়ে এই নিষেধাজ্ঞা অস্থায়ী। ৰাজ্যত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
বিষয়াসকলে জনোৱা মতে, জম্মুৰ পৰা বালতাল বেছ কেম্পলৈ কোনো গোটক আগবাঢ়ি যাবলৈ দিয়া হোৱা নাছিল। বালতালৰ পৰা জম্মুলৈ উভতি অহা তীৰ্থযাত্ৰীসকলকো ৰখাই দিয়া হৈছে। নিষেধাজ্ঞাৰ পূৰ্বে বালতাল বেছ কেম্পত উপস্থিত হোৱা তীৰ্থযাত্ৰীসকলক নিৰ্ধাৰিত সময় অনুসৰি পবিত্ৰ গুহাৰ মন্দিৰটো পৰিদৰ্শন কৰিবলৈ দিয়া হৈছিল। বিষয়াসকলে জনোৱা মতে, নিয়ন্ত্ৰিতভাৱে তীৰ্থযাত্ৰা চলি আছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে আজি কেৱল নতুন আৰু ঘূৰি অহা তীৰ্থযাত্ৰীৰ চলাচলত বাধা আৰোপ কৰা হৈছে।
ইফালে কাশ্মীৰৰ আৰক্ষীয়ে পূৰ্বৰ অনুমতি অবিহনে প্ৰতিবাদ নিষিদ্ধ কৰিছে। সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণৰ চোৰাংচোৱা তথ্যৰ পিছত জম্মুৰ কৰ্তৃপক্ষই সমগ্ৰ অঞ্চলটোক হাই এলাৰ্টত ৰাখিছে। এজন আৰক্ষী বিষয়াই কয় যে যোগ্য কৰ্তৃপক্ষৰ পূৰ্বৰ অনুমতি অবিহনে শ্ৰীনগৰ, বাৰামুল্লা, কুপৱাৰা, বান্দিপোৰা, গণ্ডাৰবাল, বুডগাম, পুলৱামা, শ্বোপিয়ান, কুলগাম, আৰু অনন্তনাগত কোনো ধৰণৰ প্ৰতিবাদ, সভা, শোভাযাত্ৰা, বা আন কোনো ৰাজহুৱা সমাৱেশৰ অনুমতি দিয়া নহ’ব।
ইফালে জম্মুত অভূতপূৰ্ব নিৰাপত্তাৰক্ষী মোতায়ন কৰা হৈছে। ৩৭০ অনুচ্ছেদৰ বৰ্ষপূৰ্তি, চলি থকা অমৰনাথ যাত্ৰা আৰু আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি চোৰাংচোৱা সংস্থাসমূহে সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী দিছে। বিষয়াসকলৰ মতে, চোৰাংচোৱাৰ প্ৰতিবেদনে ইংগিত দিয়ে যে সন্ত্ৰাসবাদীয়ে শিক্ষানুষ্ঠানকে ধৰি স্পৰ্শকাতৰ স্থানসমূহক লক্ষ্য কৰি লোৱাৰ চেষ্টা কৰিব পাৰে।
বিষয়াসকলে কয় যে সম্ভাৱ্য সন্ত্ৰাসবাদী ভাবুকিৰ সন্দৰ্ভত নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে।
হাণ্ডৱাৰা আৰু সোপোৰ আৰক্ষীয়েও ঘোষণা কৰে যে পূৰ্বৰ অনুমতি অবিহনে কোনো ধৰণৰ প্ৰতিবাদৰ অনুমতি দিয়া নহ’ব। পুলৱামা আৰু শ্বোপিয়ান আৰক্ষীয়ে জনসাধাৰণক আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে সহযোগিতা কৰিবলৈ, শান্তি বজাই ৰাখিবলৈ, উৰাবাতৰি বা অসত্য তথ্য প্ৰচাৰ নকৰিবলৈ, আৰু যিকোনো সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে ওচৰৰ আৰক্ষী থানাত অৱগত কৰিবলৈ আহ্বান জনায়। বান্দিপোৰা আৰক্ষীয়ে জনোৱা মতে, সমগ্ৰ জিলাখনত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ