ৰাজ্যপালৰ অনন্য় পদক্ষেপ আমাৰ মাটি আমাৰ নায়কৰ অধীনত জিলা পৰ্যায়ৰ সমিতিৰ বৈঠক অনুষ্ঠিত
শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ এক অন্যতম পদক্ষেপ আমাৰ মাটি আমাৰ নায়কৰ অধীনত গঠন কৰা জিলা পৰ্যায়ৰ সমিতিৰ এখন বৈঠক আজি শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ডিডিএমএ)-ৰ সভাকক্ষত অনুষ্ঠিত হয়।

অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) শ্ৰী জেম্ছে আইন্দৰ সভাপতিত্বত অনুষ্ঠিত সভাত এই কাৰ্যসূচীৰ শিক্ষাৰ্থী সকলৰ সংস্কৰণত অন্তৰ্ভুক্ত হ’বলগীয়া প্ৰায় ৫০ জন নায়ক আৰু নায়িকাৰ তালিকা চূড়ান্ত কৰা হয়। লগতে নিৰ্বাচিত প্ৰতিগৰাকী ব্যক্তিত্বৰ বাবে প্ৰস্তুত কৰিবলগীয়া লিখনিৰ গাঁথনি, বিষয়বস্তু আৰু আৰ্হি সম্পৰ্কে সমিতিয়ে বিশদভাৱে আলোচনা কৰে।

অসমৰ লোকভৱনৰ পৰা জনোৱা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চূড়ান্ত লিখনিসমূহ সময়মতে সম্পূৰ্ণ কৰি দাখিল কৰাটো নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় । আজিৰ এই সভাত জিলা পৰ্যায়ৰ সমিতিৰ সকলো সন্মানীয় সদস্য সকল উপস্থিত থাকে । তেওঁলোকৰ ভিতৰত শিক্ষাবিদ, সমাজকৰ্মী, বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ বিশিষ্ট ব্যক্তি, সাংবাদিক আৰু শোণিতপুৰৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াও উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ

 rajesh pande