
বৰপেটা, ০৫ আগষ্ট (হি.স.): পাঠশালা পৌৰসভাৰ কাম–কাজক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে । পাঠশালা পৌৰসভাত ই-ৰিক্সা মেৰামতিৰ নামত ৯৩,৬৫০ টকা ব্যয় কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰামতে পাঠশালা পৌৰসভাত দুখন মালবাহী ই-ৰিক্সা মেৰামতিৰ নামত ৯৩,৬৫০ টকা ব্যয় দেখুওৱাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, স্বচ্ছ ভাৰত অভিযানৰ অধীনত নগৰ প্ৰকল্প বিষয়া (CPO) মানবেন্দ্ৰ পাটগিৰীয়ে দুখন ই ৰিক্সা মেৰামতিৰ নামত ব্যয় দেখুৱাইছে ৯৩ হাজাৰ ৬৫০ টকা।
স্থানীয় লোকে দাবী কৰিছে যে নতুন এখন ই-ৰিক্সাৰ বজাৰ মূল্য প্ৰায় ১.৩০ লাখ টকা । অথচ পুৰণি নাম্বাৰ প্লেটবিহীন এই দুখন ই-ৰিক্সাৰ আনুমানিক মূল্য মাত্ৰ ৪০–৫০ হাজাৰ টকাৰ ভিতৰত হ'ব । কিন্তু মেৰামতিৰ নামত দেখুওৱা এই বৃহৎ পৰিমাণৰ ধনে পৌৰ সভাৰ কেলেংকাৰীৰ স্পষ্ট ছবি খন পোহৰলৈ আহিছে।
সংশ্লিষ্ট কৰ্তৃপক্ষৰ পূৰ্বানুমোদন অবিহনে ই-ৰিক্সা দুখন মেৰামতি কৰাৰও অভিযোগো উত্থাপিত হৈছে মানবেন্দ্ৰ পাটগিৰিৰ বিৰূদ্ধে।এই অভিযোগৰ ভিত্তিত পাঠশালা পৌৰসভাৰ কাৰ্যবাহী বিষয়া পূৰৱী পাটগিৰীয়ে ইতিমধ্যে নগৰ প্ৰকল্প বিষয়া মানবেন্দ্ৰ পাটগিৰীলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে।
জাননীত Assam Public Procurement Act, 2017 আৰু Assam Public Procurement Rules, 2020 উলংঘনৰ অভিযোগ উল্লেখ কৰি সাত দিনৰ ভিতৰত লিখিত ব্যাখ্যা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঘটনাটোৰ নিৰপেক্ষ, স্বচ্ছ আৰু ক্ষীপ্ৰ তদন্তৰ দাবী জনাইছে।অভিযোগ প্ৰমাণিত হলে চৰকাৰী আঁচনিৰ ধনৰ অপব্যৱহাৰ কৰা এই সকল বিষয়া কৰ্মচাৰীৰ ওপৰত বিৰুদ্ধে আইনী আৰু বিভাগীয় ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ