গ্ৰেনেডসহ গ্ৰেপ্তাৰ বিদ্ৰোহী, এন এছ চি এন (আই এম)ৰ দুজন উগ্ৰপন্থী আটক
ইম্ফল, ০৫ আগষ্ট (হি.স.)। পৃথক পৃথক অভিযানত মণিপুৰ আৰক্ষীয়ে নিষিদ্ধ আৰ পি এফ/পি এল এৰ এজন সক্ৰিয় বিদ্ৰোহী আৰু ধনদাবী কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা দুই এন এছ চি এন (আই এম)ৰ সদস্যকো গ্ৰেপ্তাৰ কৰে। অবৈধ সুৰাৰ বিৰুদ্ধে এক বিশেষ অভিযানত বৃহৎ পৰিমাণৰ সুৰাও
Images Related to the Manipur Operations.


ইম্ফল, ০৫ আগষ্ট (হি.স.)। পৃথক পৃথক অভিযানত মণিপুৰ আৰক্ষীয়ে নিষিদ্ধ আৰ পি এফ/পি এল এৰ এজন সক্ৰিয় বিদ্ৰোহী আৰু ধনদাবী কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা দুই এন এছ চি এন (আই এম)ৰ সদস্যকো গ্ৰেপ্তাৰ কৰে। অবৈধ সুৰাৰ বিৰুদ্ধে এক বিশেষ অভিযানত বৃহৎ পৰিমাণৰ সুৰাও জব্দ কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, কাকচিং জিলাৰ লংমেইডং মামাং লেইকাই নিবাসী থকচোম সঞ্জু মেইটেই ওৰফে লুৱাং (২৬) নামৰ এজন লোকক যোৱা ৪ আগষ্টত ইম্ফল পশ্চিম জিলাৰ থাংমেইবন্দ খুইয়াথং পলেম লেইকাই অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ হাতৰ পৰা উদ্ধাৰ হৈছে দুটা হেণ্ড গ্ৰেনেড। আৰক্ষীৰ মতে, ইম্ফল এলেকাত গ্ৰেনেড ৰোপণৰ ঘটনাত তেওঁ জড়িত আছিল।

আন এক অভিযানত তামেংলং জিলাৰ কাইমাই থানা এলেকাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছিবিলঙৰ পৰা এন এছ চি এন (আই এম)ৰ দুজন সন্দেহযুক্ত ধনদাবী কৰ্তাক গ্ৰেপ্তাৰ কৰে। গাইছুৱাকলুং ঙাওমেই (৪৫) আৰু জব গাংমেই (২৯) বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা এটা লাইভ কাৰ্টিজ, ২২,০০০ নগদ ধন, আৰু চাৰ্জাৰৰ সৈতে দুটা বাওফেং যোগাযোগ চেট উদ্ধাৰ কৰা হয়।

ইফালে ইম্ফল পশ্চিম জিলাৰ পাটছয় থানা এলেকাৰ অন্তৰ্গত পাটছয় লামখাই আৰু খুমবং বজাৰত বিশেষ অভিযানৰ সময়ত আৰক্ষীয়ে ৩১০ লিটাৰ ডি আই চি সুৰাও জব্দ কৰে। আৰক্ষীয়ে জনোৱা মতে, অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande