
কামৰূপ, ০৫ আগষ্ট (হি.স.)। কামৰূপ জিলাৰ আলাৱৈ পথাৰত মোগলৰ সৈতে হোৱা যুদ্ধত দেশ মাতৃৰ হকে যুদ্ধ কৰি একে দিনাই দহ হাজাৰ অসমীয়া যোদ্ধাই প্ৰাণাহুতি দিছিল। ১৬৬৯ চনৰ ৫ আগষ্টত আলাৱৈ পথাৰৰ যুদ্ধত প্ৰাণাহুতি দিছিল শ্বহীদ বীৰ যোদ্ধা সকলে ।
কামৰূপৰ আমিনগাঁৱত ৩৫৭ সংখ্যক ঐতিহাসিক আলাৱৈ ৰণৰ আজি স্মৃতি ৰোমন্থন কৰা হয়।
অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনস্থ অসম প্ৰত্নতত্ব সঞ্চালকালয় বিভাগৰ উদ্যোগত,কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জাৰ্ণেলিষ্ট ফ'ৰামৰ যৌথ সহযোগত এই আলাৱৈ ৰণস্মৃতি দিৱসৰ আয়োজন কৰা হয়।
কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা আলাবৈ ৰণৰ স্মৃতি সৌধত স্মৃতি তৰ্পণৰ লগতে সামৰিক অভিবাদন জনোৱা হয়।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, হাজো শুৱালকুছি বিধান সভা সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস উপস্থিত থাকে।
স্মৃতি তৰ্পণৰ পিছতেই জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড' নিত্যানন্দ কলিতাই আহোম সেনাৰ পৰাক্ৰম তথা বীৰগাথাৰ ৰোমন্থন কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা