ৰাষ্ট্ৰপতি ভৱনত থকা অমৃত উদ্যান ১৬ আগষ্টৰ পৰা জনসাধাৰণৰ বাবে মুকলি, কেৱল অনলাইন বুকিং
নতুন দিল্লী, ০৪ আগষ্ট (হি.স.)। ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান ১৬ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ গ্ৰীষ্মকালীন বাৰ্ষিকী উপলক্ষে ৰাইজৰ বাবে মুকলি থাকিব। এই সময়ছোৱাত বাগিচাখন প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬:০০ বজালৈ খোলা থাকিব, শেষৰটো প্ৰৱেশ বিয়লি ৫:০
राष्ट्रपति द्रौपदी मुर्मु (फाइल फोटो)


নতুন দিল্লী, ০৪ আগষ্ট (হি.স.)। ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান ১৬ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ গ্ৰীষ্মকালীন বাৰ্ষিকী উপলক্ষে ৰাইজৰ বাবে মুকলি থাকিব। এই সময়ছোৱাত বাগিচাখন প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬:০০ বজালৈ খোলা থাকিব, শেষৰটো প্ৰৱেশ বিয়লি ৫:০০ বজাত হ’ব। ৰক্ষণাবেক্ষণৰ বাবে প্ৰতি সোমবাৰে বন্ধ থাকিব বাগিচাখন।

মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনে জাৰি কৰা এক বিবৃতি অনুসৰি অহা ২৯ আগষ্টত, ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে খেলুৱৈসকলৰ বাবে আৰু ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে অমৃত উদ্যানত বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে।

নৰ্থ এভিনিউ ৰোডৰ ওচৰত অৱস্থিত ৩৫ নং গেটেৰে দৰ্শনাৰ্থী প্ৰৱেশ আৰু প্ৰস্থান কৰিব। বাগিচাখনত প্ৰৱেশ বিনামূলীয়া হ’ব যদিও অনলাইন বুকিং কৰাটো বাধ্যতামূলক। ইচ্ছুক দৰ্শকে ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটত গৈ আগতীয়াকৈ স্লট বুকিং কৰিব লাগিব। যিকোনো বিশেষ দিনৰ বাবে বুকিং আগদিনা পুৱা ১০:০০ বজাত বন্ধ হ’ব। কোনো ধৰণৰ অন-ছাইট বুকিং কৰা নহ’ব।

দৰ্শনাৰ্থীয়ে মোবাইল ফোন, ইলেক্ট্ৰনিক চাবি, মানিবেগ, হেণ্ডবেগ, পানীৰ বটল, শিশুৰ গাখীৰৰ বটল, ছাতি আদি বাগিচালৈ লৈ যাব পাৰিব। ভিতৰত আন কোনো সামগ্ৰীৰ অনুমতি দিয়া নহ’ব।

দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে খোজকাঢ়ি যোৱা পথত খোৱাপানী, প্ৰাথমিক চিকিৎসা কেন্দ্ৰ, বৰষুণৰ আশ্ৰয় শিবিৰ, আৰু শৌচাগাৰৰ ব্যৱস্থা কৰা হ’ব। কেন্দ্ৰীয় সচিবালয়ৰ মেট্ৰ' ষ্টেচনৰ পৰা অমৃত উদ্যানৰ প্ৰৱেশদ্বাৰলৈকে প্ৰতি ৩০ মিনিটৰ মূৰে মূৰে, পুৱা ৯:৩০ বজাৰ পৰা বিয়লি ৬:০০ বজালৈ অমৃত উদ্যানৰ বাবে শ্বাটল সেৱা নামৰ এখন বিনামূলীয়া শ্বাটল বাছ সেৱা চলিব।

বাগিচা ভ্ৰমণৰ সময়ত দৰ্শকে বাল ভাটিকা, প্লুমেৰিয়া গাৰ্ডেন, বেনিয়ান গ্ৰ’ভ, বনছাই গাৰ্ডেন, বেবলিং ব্ৰুকছ, চেণ্ট্ৰেল লন, লং গাৰ্ডেন, আৰু চাৰ্কুলাৰ গাৰ্ডেনকে ধৰি বিভিন্ন আকৰ্ষণ পৰ্যবেক্ষণ কৰিব পাৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande