ভাৰতে ম্যানমাৰৰ সৈতে কিছু সীমান্ত অঞ্চলৰ আলোচনা অব্যাহত
নতুন দিল্লী, ০৪ আগষ্ট (হি.স.)। ভাৰতে মঙলবাৰে উল্লেখ কৰে যে ভাৰত আৰু ম্যানমাৰৰ মাজৰ কিছু সীমান্ত অঞ্চল অমীমাংসিত হৈ আছে আৰু আলোচনা অব্যাহত আছে। মণিপুৰৰ সমীপত ম্যানমাৰৰ সৈতে ভূখণ্ডৰ বিনিময়ৰ খবৰৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই এক সংব
MEA Spokesperson Randhir Jaiswal


নতুন দিল্লী, ০৪ আগষ্ট (হি.স.)। ভাৰতে মঙলবাৰে উল্লেখ কৰে যে ভাৰত আৰু ম্যানমাৰৰ মাজৰ কিছু সীমান্ত অঞ্চল অমীমাংসিত হৈ আছে আৰু আলোচনা অব্যাহত আছে।

মণিপুৰৰ সমীপত ম্যানমাৰৰ সৈতে ভূখণ্ডৰ বিনিময়ৰ খবৰৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই এক সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে দুয়োখন দেশৰ সীমান্তৰ কিছুমান অঞ্চল এতিয়াও নিষ্পত্তি হোৱা নাই, আৰু সেই নিৰ্দিষ্ট অঞ্চলসমূহৰ ওপৰত দুয়োপক্ষৰ মাজত আলোচনা চলি আছে।

উল্লেখযোগ্য যে লোকসভাত এক প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে যে ভাৰত আৰু ম্যানমাৰৰ মাজত কোনো সীমা বিবাদ নাই। কিন্তু মণিপুৰ অঞ্চলৰ ভাৰত-ম্যানমাৰ সীমান্তত ৯টা অমীমাংসিত সীমান্ত স্তম্ভ (বিপি) ৰৈ গৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande