
হোজাই, ২৯ আগষ্ট (হি.স.): লামডিং ৰেলৱে চিকিৎসালয়ত যোৱা কালি শুকুৰবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে সৃষ্টি কৰে এই উত্তেজনা । মৃত মহিলাগৰাকী লামডিং মনসাবাড়ীৰ নিৱাসী অঞ্জলী ঘোষ বুলি জানিব পৰা গৈছে । সাধাৰণ জ্বৰ চৰ্দিৰ বাবে ভৰ্তি কৰোৱাইছিল ৰেলৱে চিকিৎসালয়খনত ।
পৰিয়ালৰ অভিযোগ অনুসৰি ভৰ্তি কৰোৱাৰ পিছতো চিকিৎসকৰ অনুপস্থিতি আৰু ৰোগীৰ প্ৰতি অৱহেলাৰ বাবে মৃত্যুক সাৱটি লয় মহিলা গৰাকীয়ে । পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে কৰ্তব্যৰত নাৰ্ছ আৰু ৱাৰ্ড বয়েও চোৱাচিতা কৰাত অৱহেলা কৰাৰ বাবেই মহিলাগৰাকী মৃত্যুমুখত পৰে । ঘটনাস্থলীত লামডিং আৰক্ষী আৰু আৰ পিএফ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ঘটনাৰ পিছতে চিকিৎসালয়খনৰ মুখ্য চিকিৎসকৰ অধীক্ষকে জানিবলৈ দিয়ে যে চিকিৎসালয়খনৰ তিনিজন চিকিৎসক আৰু দুগৰাকী ৰোগীৰ আত্মীয়ক লৈ এখনি তদন্ত কমিটি গঠন কৰি ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ