
কোকৰাঝাৰ, ২৯ আগষ্ট (হি.স.)। পোন প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত মিছ এণ্ড মিষ্টাৰ বডোলেণ্ড ৱাৰ্ল্ড ৱাইড ২০২৬ ফেশ্বন শ্ব' ।
জৌগাপু প্ৰডাকচনৰ উদ্যোগত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ বড়োলেণ্ডৰ পাঁচখন জিলাৰ ৩০ গৰাকী যুৱক যুৱতী। বডোলেণ্ডৰ বনাঞ্চল সংৰক্ষণ কৰা আৰু ভুমি পুত্ৰ বড়ো সকলৰ সাংস্কৃতি বিশ্ব দৰবাৰত উন্নত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ।
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জৌহোলাউ নিলিশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত চলি আছে গ্ৰুমিং।
যুৱক যুৱতীৰ গ্ৰুমিঙৰ গুৰূ দায়িত্বলৈ প্ৰশিক্ষণ দি আছে মণিপুৰ ৰাজ্যৰ পৰা অহা মিছ এছিয়া পেচিফিক ইন্টাৰনেছনেল ইণ্ডিয়া দানুবে খাংঝাম আৰু মিষ্টাৰ ইণ্টাৰনেশ্যনেল ইণ্ডিয়া অক্ৰাম নিখিল ।
অহা ৩০ আগষ্টত অনুষ্ঠিত হ'ব ফেশ্বন শ্ব'ৰ চুড়ান্ত প্ৰতিযোগিতা ।
চুড়ান্ত প্ৰতিযোগিতাত বিজয়ৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা প্ৰতিযোগীয়ে সুবিধা লাভ কৰিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব' প্ৰতিযোগিতাত অংশগ্ৰহণৰ ।
সুদূৰ মণিপুৰৰ পৰা আহি বডোলেণ্ডৰ বনাঞ্চলৰ সোণালী বান্দৰ আৰু বড়োসকলৰ সাংস্কৃতিক সাজপাৰত অভিভূত দুই মেন্টৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা