নেপালৰ প্ৰলয়ংকাৰী বানত সন্ধানহীন পশ্চিম কাৰ্বি আংলঙৰ এজন
কাৰ্বি আংলঙ, ২৯ আগষ্ট (হি.স.)। নেপালত সংঘটিত প্ৰলয়ংকাৰী মহা জলপ্ৰলয়ত সন্ধানহীন অসমৰ বহু লোক। উক্ত বিধ্বংসী মহাজলপ্ৰলয়ৰ পাছৰে পৰা সন্ধানহীন পশ্চিম কাৰ্বি আংলঙৰ সাতগাওঁৰ ইষ্ট ভেলাপৰাৰ এজন লোক। নেপালৰ ত্ৰিশূলি হাইড্ৰ'' পাৱাৰ প্ৰজেক্ট হাউচত কৰ্মৰত আছি
নেপালৰ প্ৰলয়ংকাৰী বানত সন্ধানহীন পশ্চিম কাৰ্বি আংলঙৰ এজন


কাৰ্বি আংলঙ, ২৯ আগষ্ট (হি.স.)। নেপালত সংঘটিত প্ৰলয়ংকাৰী মহা জলপ্ৰলয়ত সন্ধানহীন অসমৰ বহু লোক। উক্ত বিধ্বংসী মহাজলপ্ৰলয়ৰ পাছৰে পৰা সন্ধানহীন পশ্চিম কাৰ্বি আংলঙৰ সাতগাওঁৰ ইষ্ট ভেলাপৰাৰ এজন লোক। নেপালৰ ত্ৰিশূলি হাইড্ৰ' পাৱাৰ প্ৰজেক্ট হাউচত কৰ্মৰত আছিল কাৰ্বি আংলঙৰ সন্ধানহীন লোকজন।

সন্ধানহীন হৈ থকা ব্যক্তিজনক ৪০ বছৰীয়া বিৰচন চাংমা বুলি চিনাক্ত কৰা হৈছে ।

বিৰচন চাংমাৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, ভুক্তভোগী পৰিয়ালৰ লোকে জিলা প্ৰশাসনক অনুৰোধ কৰিছে নিৰুদ্দিষ্ট ব্য়ক্তি গৰাকীৰ সন্ধান কৰি শীঘ্ৰে নেপালৰ পৰা লৈ আনিবলৈ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande