চামগুৰি আমনি ৰে’লৱে ষ্টেচনত বিদ্যুতৰ খুঁটাত উঠিল মহিলা
চামগুৰি আমনি ৰে’লৱে ষ্টেচনত বিদ্যুৎৰ খুঁটাত উঠিল মহিলা।
চামগুৰি আমনি ৰে’লৱে ষ্টেচনত বিদ্যুতৰ খুঁটাত উঠিল মহিলা


নগাঁও, ২৯ আগষ্ট (হি.স.): নগাঁও জিলাৰ চামগুৰি আমনি ৰে’লৱে ষ্টেচনত শুকুৰবাৰে নিশা দেখিবলৈ পোৱা যায় এক অস্বাভাৱিক দৃশ্য়। ৰেলেৱে ষ্টেচনৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটাত উঠিল এগৰাকী মহিলা । যোৱা কালি নিশা সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি ষ্টেচনত সৃষ্টি হৈছে চাঞ্চল্য ।

খৱৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় সোণাৰিবালি এছডিআৰএফ বাহিনী আৰু চামগুৰি আৰক্ষীৰ দল । প্ৰায় এঘণ্টা ধৰি বিদ্যুতৰ খুঁটাত উঠি আছিল মহিলা গৰাকী । অৱশেষত নিজেই খুঁটাৰ পৰা নামি আহে মহিলা গৰাকী । কি কাৰণত খুঁটাত উঠিছিল, সেই বিষয়ে আৰক্ষীয়ে সোধা-পোছা কৰে । মহিলা গৰাকী বিহাৰৰ পাটনাৰ বুলি জানিব পৰা গৈছে, মহিলা গৰাকীৰ লগত দেখিবলৈ পোৱা গৈছিল কেইবাটাও খালি পানী বটল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande