
কলকাতা, ২৯ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু পৰিৱেশ সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ কামত অৰিহণা যোগোৱা টেৰিটৰিয়েল আৰ্মীয়ে অৱশেষত লাভ কৰিছে আনুষ্ঠানিক গীত। ১৯৪৯ চনত গঠন হোৱাৰ পিছৰে পৰা প্ৰায় ৭৭ বছৰ ধৰি এই বাহিনীটোৰ কোনো আনুষ্ঠানিক সংগীত নাছিল। কলকাতাত অনুষ্ঠিত দুদিনীয়া নো ইয়োৰ টেৰিটৰিয়েল আৰ্মী (কেৱাইটিএ) আলোচনা চক্ৰ আৰু টিএ ২.০ আলোচনা চক্ৰৰ সামৰণি দিনটোত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
শনিবাৰে টেৰিটৰিয়েল আৰ্মীয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, জ্যেষ্ঠ সামৰিক বিষয়া আৰু অন্যান্য বিশিষ্ট অতিথিৰ উপস্থিতিত এই আনুষ্ঠানিক গীতটো মুকলি কৰা হয়। ইয়াক টেৰিটৰিয়েল আৰ্মীৰ সুকীয়া পৰিচয়, পৰম্পৰা আৰু সেৱাৰ মনোভাৱক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰা হয়।
টেৰিটৰিয়েল আৰ্মীত এনে পুৰুষ আৰু মহিলা থাকে যিয়ে নিজৰ নিয়মীয়া বৃত্তিগত কৰ্তব্যৰ উপৰিও বছৰৰ কিছু অংশ সৈনিক হিচাপে দেশৰ সেৱা আগবঢ়ায়। গুৰুত্বপূৰ্ণ স্থাপনসমূহ সুৰক্ষা, পৰিৱেশ সুৰক্ষা আৰু অন্যান্য ৰাষ্ট্ৰীয় দায়িত্বসমূহৰ ক্ষেত্ৰত এই বাহিনীটোৱে মূল ভূমিকা পালন কৰে।
দীৰ্ঘদিন ধৰি দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ পিছতো টেৰিটৰিয়েল আৰ্মীৰ কেতিয়াও কোনো আনুষ্ঠানিক গীত নাছিল। নতুন গীতটোৰ লগে লগে বাহিনীটোৱে নিজৰ অনন্য সামৰিক পৰিচয়ৰ সৈতে জড়িত এক নতুন প্ৰতীকো লাভ কৰে।
কলকাতাত অনুষ্ঠিত এই অনুষ্ঠানত টেৰিটৰিয়েল আৰ্মীৰ ভৱিষ্যত, প্ৰযুক্তিৰ ব্যৱহাৰ, নিযুক্তি প্ৰক্ৰিয়া, পৰিৱেশ সুৰক্ষা আদি বিষয়সমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কৰ্মচাৰী লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিং আৰু টেৰিটৰিয়েল আৰ্মীৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল সুজিত শিৱাজী পাটিলকে ধৰি কেইবাজনো জ্যেষ্ঠ সেৱাত থকা আৰু অৱসৰপ্ৰাপ্ত বিষয়া উপস্থিত থাকে।
প্ৰাক্তন উপ-সেনা মুৰব্বী লেফটেনেণ্ট জেনেৰেল ৰাকেশ কাপুৰে (অৱসৰপ্ৰাপ্ত), টিএৰ ভৱিষ্যতৰ বাবে দৃষ্টিভংগী শীৰ্ষক ভাষণ প্ৰদান কৰে। প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰৰ মাজতে টেৰিটৰিয়েল আৰ্মীৰ ভৱিষ্যত সন্দৰ্ভত তেওঁৰ মতামত ব্যক্ত কৰে।
অনুষ্ঠানৰ প্ৰথম চৰ্চা আছিল ভাৰতৰ জাতীয় প্ৰতিভাক সুযোগ প্ৰদান কৰা। ইয়াত আই আই টি খড়গপুৰৰ অধ্যাপক বাসব চক্ৰৱৰ্তী, ভাৰতীয় প্ৰাণীবিজ্ঞান জৰীপৰ সঞ্চালক ধৃতি বেনাৰ্জী, ভুৱনেশ্বৰ এক্স আই এম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ কে এছ কাছামিৰা আৰু জেনৰবটিক্স ইনোভেচনৰ চি ই অ’ বিমল গোবিন্দ এম কে উপস্থিত থাকে।
ইয়াৰ পিছত টেৰিটৰিয়েল আৰ্মী নিযুক্তি প্ৰক্ৰিয়াৰ বিষয়ে তথ্য প্ৰদান কৰা হয় আৰু নো ইয়োৰ টিএ ছবিখন দেখুওৱা হয়।
দ্বিতীয় চৰ্চাত পৰিৱেশ, শাসন, আৰু সামাজিক বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। মেঘালয় লোকায়ুক্তৰ অধ্যক্ষ চি পি মৰাক, ধৃতি বেনাৰ্জী, আৰু পৰিৱেশ আৰু শাসন বিশেষজ্ঞ শ্ৰুতি শৰ্মা ৰাণাই ইয়াত অংশগ্ৰহণ কৰে।
এই অনুষ্ঠানত টেৰিটৰিয়েল আৰ্মী আৰু সাতটা অংশীদাৰ প্ৰতিষ্ঠানৰ মাজত আনুষ্ঠানিক বুজাবুজিৰ আদান-প্ৰদানৰ সাক্ষী হৈ পৰে। ইয়াৰ পিছতে আনুষ্ঠানিক গীতটো মুকলি কৰা হয়।
কৌশল বিশ্লেষক তথা প্ৰতিৰক্ষা মন্তব্যকাৰী নীতিন এ গোখলেয়ে টেৰিটৰিয়েল আৰ্মীৰ ভৱিষ্যত উন্নয়ন আৰু পৰিৱৰ্তিত প্ৰকৃতিৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰে।
কেৱাইটিএৰ প্ৰদৰ্শনী আৰু সাংস্কৃতিক কাৰ্যসূচীও জনসাধাৰণৰ বাবে মুকলি আছিল। বৃহৎ সংখ্যক নাগৰিক, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এনচিচিৰ কেডেটে প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি টেৰিটৰিয়েল আৰ্মীৰ কাৰ্যকলাপ আৰু অৱদানৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰে।
সাংস্কৃতিক কাৰ্যসূচীৰ সময়ত টেৰিটৰিয়েল আৰ্মিৰ সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানৰ লক্ষ্য আছিল যুৱক-যুৱতী আৰু সাধাৰণ জনতাক জাতি সেৱাত টেৰিটৰিয়েল আৰ্মীৰ ভূমিকা, কাৰ্য্যকলাপ, আৰু অৱদানৰ সৈতে পৰিচিত কৰা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া