উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ দ্বাৰা মৰিয়নী জংচন আৰু যোৰহাট টাউন ৰেলৱে ষ্টেচন পৰিদৰ্শন
গুৱাহাটী, ২৯ আগষ্ট (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ২৮ আগষ্ট, ২০২৬ তাৰিখে তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত মৰিয়নী জংচন আৰু যোৰহাট টাউন ৰে’ল ষ্টেচন পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁ দুয়োটা ষ্টেচনৰ ষ্টেচন ভৱন, প্লেটফৰ
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ দ্বাৰা মৰিয়নী জংচন আৰু যোৰহাট টাউন ৰেলৱে ষ্টেচন পৰিদৰ্শন


গুৱাহাটী, ২৯ আগষ্ট (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ২৮ আগষ্ট, ২০২৬ তাৰিখে তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত মৰিয়নী জংচন আৰু যোৰহাট টাউন ৰে’ল ষ্টেচন পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁ দুয়োটা ষ্টেচনৰ ষ্টেচন ভৱন, প্লেটফৰ্ম, চতুৰ্দিশৰ এলেকা আৰু যাত্ৰীসকলৰ বাবে উপলব্ধ বিভিন্ন সা-সুবিধা পৰিদৰ্শন কৰে।

মহাপ্ৰবন্ধকে ষ্টেচন চৌহদৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, ৰক্ষণাবেক্ষণ আৰু সামগ্ৰিক অৱস্থাৰ পৰ্যালোচনা কৰি সংশ্লিষ্ট বিষয়াবৰ্গক যাত্ৰীসকলৰ সা-সুবিধাসমূহৰ সঠিক ৰক্ষণাবেক্ষণ তথা অধিক উন্নয়ন নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে তেওঁ অন্যান্য জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গ আৰু কৰ্মচাৰীৰ উপস্থিতিত যোৰহাট টাউনত ৰে’লৱে কৰ্মচাৰীৰ বাবে নৱনিৰ্মিত ০৮ টা আৱাস গৃহও উদ্বোধন কৰে।

মহাপ্ৰবন্ধকে মৰিয়নী জংচন আৰু যোৰহাট টাউন ৰে’ল ষ্টেচনৰ মাজৰ ৰে’লপথছোৱাত উইণ্ড’ ট্ৰেইলিং পৰিদৰ্শন সম্পন্ন কৰি পথছোৱাৰ ৰে’লপথ, আন্তঃগাঁথনি আৰু উন্নয়নমূলক কাম-কাজৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিষয়াবৰ্গক সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ৰে’লৰ সুগম আৰু দক্ষ পৰিচালন নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে।

এই পৰিদৰ্শনে ৰে’ল আন্তঃগাঁথনি অধিক শক্তিশালী কৰি যাত্ৰীসকলৰ সা-সুবিধা বৃদ্ধি কৰাৰ লগতে সমগ্ৰ নেটৱৰ্কত অধিক সুৰক্ষিত তথা উন্নত যাত্ৰা অভিজ্ঞতা প্ৰদান কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অবিৰত প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande