শিলচৰ পৌৰ নিগম নিৰ্বাচনত ‘ষ্টাৰ কেম্পেইনাৰ’ৰ সংখ্যা সম্পৰ্কীয় পূৰ্বৰ নিৰ্দেশনাৰ বৈধতা বৃদ্ধি
শিলচৰ পৌৰ নিগম নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰৰ সংখ্যা নিৰ্ধাৰণ গুৱাহাটী, ২৯ আগষ্ট (হি.স.)। আগন্তুক শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব পৰা ‘ষ্টাৰ কেম্পেইনাৰ’ৰ সৰ্বাধিক সংখ্যা সম্পৰ্কে পূৰ্
শিলচৰ পৌৰ নিগম নিৰ্বাচনত ‘ষ্টাৰ কেম্পেইনাৰ’ৰ সংখ্যা সম্পৰ্কীয় পূৰ্বৰ নিৰ্দেশনাৰ বৈধতা বৃদ্ধি


শিলচৰ পৌৰ নিগম নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰৰ সংখ্যা নিৰ্ধাৰণ

গুৱাহাটী, ২৯ আগষ্ট (হি.স.)। আগন্তুক শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব পৰা ‘ষ্টাৰ কেম্পেইনাৰ’ৰ সৰ্বাধিক সংখ্যা সম্পৰ্কে পূৰ্বে জাৰি কৰা জাননীৰ বৈধতা বৃদ্ধি কৰিছে।

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ২৫ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে জাৰি কৰা জাননী নং এছ ই চি. ৮৩/২০২২/১১৬-ৰ জৰিয়তে শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ‘ষ্টাৰ কেম্পেইনাৰ’ৰ সৰ্বাধিক সংখ্যা নিৰ্ধাৰণ কৰিছিল। অৱশ্যে ২০২৫ বৰ্ষত উক্ত নিৰ্বাচন অনুষ্ঠিত নহ’ল।

এই পৰিপ্ৰেক্ষিতত, ২৯ আগষ্ট, ২০২৬ তাৰিখে জাৰি কৰা নতুন জাননী নং এছ ই চি. ৮৩/২০২২/১১৬-ৰ জৰিয়তে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ২৫ ছেপ্টেম্বৰ, ২০২৫ তাৰিখৰ পূৰ্বৰ জাননীখনৰ বৈধতা আগন্তুক শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শিলচৰ পৌৰ নিগম নিৰ্বাচন, ২০২৫ উপলক্ষে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ ষ্টাৰ কেম্পেইনাৰ সন্দৰ্ভত কেইবাটাও নীতি-নিৰ্দেশনা জাৰি কৰিছে। ভাৰতীয় নিৰ্বাচন আয়োগে অনুমোদন জনোৱা আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়োগে গ্ৰহণ কৰা ব্যৱস্থাৰ সৈতে সংগতি ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে।

আয়োগৰ জাননী অনুসৰি, স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক ৰাজনৈতিক দলে সৰ্বাধিক ২০গৰাকী ষ্টাৰ কেম্পেইনাৰ মনোনীত কৰিব পাৰিব। আনহাতে, পঞ্জীয়নভুক্ত কিন্তু অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলে সৰ্বাধিক ১০গৰাকী ষ্টাৰ কেম্পেইনাৰ মনোনীত কৰিব পাৰিব।

জাননী অনুসৰি, নিৰ্বাচনৰ জাননী জাৰি কৰাৰ তাৰিখৰ পৰা ৭ দিনৰ ভিতৰত সংশ্লিষ্ট ৰাজনৈতিক দলসমূহে তেওঁলোকৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা জিলা নিৰ্বাচনী কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব লাগিব। একে সময়তে উক্ত তালিকাৰ এটা প্ৰতিলিপি অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ ওচৰতো দাখিল কৰিব লাগিব।

ইয়াৰ উপৰি, ষ্টাৰ কেম্পেইনাৰৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অনুমতি বিচাৰি ৰাজনৈতিক দলসমূহে নিৰ্ধাৰিত প্ৰচাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ কমেও ৪৮ ঘণ্টা পূৰ্বে জিলা নিৰ্বাচনী কৰ্তৃপক্ষৰ ওচৰত আবেদন দাখিল কৰিব লাগিব।

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে সকলো ৰাজনৈতিক দলকে নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande