টিংখাঙত দুৰ্ঘটনাত পতিত নিৰ্মান শ্ৰমিক নিহত
ডিব্ৰুগড়, ২৯ আগষ্ট (হি.স.)। টিংখাঙৰ ৰাজগড়ত অঘটন। নিৰ্মাণকাৰ্য চলি থকা অৱস্থাত ঘৰৰ ওপৰৰ পৰা বাগৰি পৰি প্ৰাণ হেৰুৱালে এগৰাকী শ্ৰমিকে। নিহত শ্ৰমিক জনক সৰুজনী চাহ বাগিচাৰ নিৱাসী নৰেশ তাঁতী (৩৪) বুলি চিনাক্ত কৰা হৈছে। ৰাজগড়ৰ ব্যৱসায়ী ৰাজেশ জয়ছোৱাল
টিংখাঙত দুৰ্ঘটনাত পতিত নিৰ্মান শ্ৰমিক নিহত


ডিব্ৰুগড়, ২৯ আগষ্ট (হি.স.)। টিংখাঙৰ ৰাজগড়ত অঘটন। নিৰ্মাণকাৰ্য চলি থকা অৱস্থাত ঘৰৰ ওপৰৰ পৰা বাগৰি পৰি প্ৰাণ হেৰুৱালে এগৰাকী শ্ৰমিকে। নিহত শ্ৰমিক জনক সৰুজনী চাহ বাগিচাৰ নিৱাসী নৰেশ তাঁতী (৩৪) বুলি চিনাক্ত কৰা হৈছে। ৰাজগড়ৰ ব্যৱসায়ী ৰাজেশ জয়ছোৱালৰ বাসগৃহত ঠিকাদাৰৰ অধীনত ব্যৱসায়ী গৰাকীৰ ঘৰৰ দ্বিতীয় মহলাত কাম কৰি থকা অৱস্থাত আকস্মিক ভাৱে তললৈ বাগৰি পৰে নৰেশ তাঁতী।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত শ্ৰমিক জনক ততাতৈয়াকৈ ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। পৰিয়াল তথা স্থানীয় সচেতন মহলে অভিযোগ কৰা অনুসৰি, ঠিকাদাৰে কোনো ধৰণৰ উপযুক্ত সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ শ্ৰমিকক বিপদজ্জনক অৱস্থাত কামত লগোৱাৰ বাবেই আজি উক্ত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে বুলি অভিযোগ উত্থাপিত কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande