

তামুলপুৰ, ২৯ আগষ্ট (হি.স.)। তামুলপুৰ জিলাৰ পথ সুৰক্ষা সমিতিৰ আগষ্ট মাহৰ বৈঠক খন আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰে তামুলপুৰ জিলাৰ জিলা আয়ুক্ত চিমি কৰণে। বৈঠকৰ আৰম্ভণিতে যোৱা মাহত অনুষ্ঠিত পথ সুৰক্ষা সমিতিৰ বৈঠকৰ কাৰ্যবিৱৰণী পুংখানুপুংখভাৱে আলোচনা কৰি গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ অগ্ৰগতি আৰু গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰা হয়।
বৈঠকত জিলা খনৰ পথ সুৰক্ষা ব্যৱস্থা, যান-বাহন চলাচল, পাৰ্কিং ব্যৱস্থা আৰু পথ দুৰ্ঘটনা ৰোধৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। বিশেষকৈ দ্বাৰকুছিৰ পাৰ্কিং সমস্যাক কেন্দ্ৰ কৰি বিশেষভাৱে আলোচনা কৰি সমস্যাটো সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত আৰক্ষী বিভাগে জনোৱা মতে, যোৱা মাহত তামুলপুৰ জিলাত ৭টা পথ দুৰ্ঘটনা সংঘটিত হয়। বগাজুলি, ডংপাৰ, দৰঙামেলা, কুমাৰীকাটা আদি অঞ্চলত সংঘটিত এই দুৰ্ঘটনা সমূহত ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬জন লোক আহত হয়।
জিলা আয়ুক্ত চিমি কৰণে দুৰ্ঘটনা সমূহৰ আঁৰৰ সঠিক কাৰণ সমূহ বিশ্লেষণ কৰি চিনাক্ত কৰাৰ লগতে ভৱিষ্যতে যাতে এনে দুৰ্ঘটনা পুনৰ সংঘটিত নহয়, তাৰ বাবে সংশ্লিষ্ট বিভাগ সমূহক সমন্বিতভাৱে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। পথ সুৰক্ষা বিধি মানি চলা, যান-বাহন চলাচলত সতৰ্কতা অৱলম্বন কৰা আৰু দুৰ্ঘটনাপ্ৰৱণ স্থান সমূহত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত অনুপম ডেকা, নিৰ্বাচনী বিষয়া প্ৰাঞ্জলপ্ৰাণ শইকীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষ, তামুলপুৰৰ ৰাজহ চক্ৰ বিষয়া এলিমা কাণ্ডুলনা, বিভিন্ন বিভাগৰ মুৰব্বী তথা সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ