চামগুৰিৰ গেন্ধালী অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ স্থানীয় ৰাইজ
চামগুৰিৰ গেন্ধালী অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ স্থানীয় ৰাইজ।
চামগুৰিৰ গেন্ধালী অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ স্থানীয় ৰাইজ


নগাঁও, ২৯ আগষ্ট (হি.স.): নগাঁও জিলাৰ চামগুৰিৰ গেন্ধালী অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ। বিগত বহু বছৰ ধৰি অঞ্চলটোত বন্যহস্তীৰ জাকে চলাই আহিছে ধাৰাবাহিক উপদ্ৰৱ । বিশেষকৈ নিশাৰ ভাগত খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ জাকে আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে খেতি-পথাৰ আৰু বাসগৃহৰ ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ইফালে বন্যহস্তীৰ জাক খেদি পঠিয়াবলৈ বন বিভাগে বিভিন্ন সময়ত অভিযান চলাই আহিছে যদিও হাতীৰ উপদ্ৰৱ স্থায়ীভাৱে নিয়ন্ত্ৰণ কৰাত সফল হোৱা নাই বুলি অভিযোগ কৰে স্থানীয় লোকসকলে । বন্যহস্তীৰ আতংকৰ পৰা স্থায়ী পৰিত্ৰাণ বিচাৰি বন বিভাগৰ ওচৰত দাবী জনাইছে গেন্ধালী অঞ্চলৰ ক্ষুব্ধ ৰাইজে ।

উল্লেখ্য় যে ৰাজ্য়ৰ ওদালগুৰি, বাক্সা, শোণিতপুৰ, তামুলপুৰ, যোৰহাট, গোলাঘাট আদি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰপ অব্য়াহত আছে। হাতী মানুহৰ এই সংঘাটত বিভিন্ন সময়ত বহু সংখ্য়ক লোকে প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ বন্য়হস্তীও মৃত্য়ুমুখত পৰিছে। মানুহ আৰু বন্য হস্তীৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংস হোৱা, যাৰ বাবে হাতীয়ে খাদ্য আৰু বাসস্থানৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি খেতি পথাৰ আৰু ঘৰ-বাৰী ধ্বংস কৰে, যাৰ ফলত মানুহৰ জীৱনহানি হোৱাৰ লগতে হাতীৰো মৃত্যু ঘটে। এই সংঘাত ৰোধ কৰিবলৈ বনাঞ্চলৰ সুৰক্ষা, হাতীৰ খাদ্যৰ ব্যৱস্থা কৰা, আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande