
তামুলপুৰ, ২৯ আগষ্ট (হি.স.)। তামুলপুৰ জিলাত নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱহাৰ, সৰবৰাহ আৰু বিক্ৰী ৰোধৰ লগতে যুৱপ্ৰজন্মক নিচাৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত চিমি কৰণ, আই এ এছৰ অধ্যক্ষতাত নাৰ্ক'টিকছ কণ্ট্ৰলৰ সৈতে জড়িত জিলা পৰ্যায়ৰ সমিতি (এনক'ৰ্ড)-ৰ আগষ্ট মাহৰ বৈঠকখন অনুষ্ঠিত হয়। বৈঠকত জিলাখনত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চলি থকা অভিযান, অবৈধ সৰবৰাহ ৰোধ, শিক্ষানুষ্ঠানৰ সমীপত নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী আৰু বিভিন্ন বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয়।
বৈঠকত বিদ্যালয় আৰু ধৰ্মীয় অনুষ্ঠানৰ পৰা ১০০ মিটাৰৰ ভিতৰত সুৰাৰ দোকান থকাৰ বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। একেদৰে কোনো কোনো স্থানত ইতিপূৰ্বে স্থাপিত সুৰাৰ দোকানৰ ওচৰলৈ বেলেগ স্থানৰ পৰা শিক্ষানুষ্ঠান স্থানান্তৰ কৰা বিষয়টোও আলোচনা কৰি এনে বিষয়ত সংশ্লিষ্ট বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ ওচৰত গুটখা, চিগাৰেট আদিৰ বিক্ৰী চলি থকা বিষয়টোও বৈঠকত উত্থাপন হয়। শিক্ষানুষ্ঠানৰ চৌহদৰ সমীপত এনে সামগ্ৰীৰ বিক্ৰী বন্ধ কৰিবলৈ সংশ্লিষ্ট বিভাগক জিলা আয়ুক্তগৰাকীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। ইয়াৰ উপৰি কুমাৰীকাটা, নাওকাটা, কাউৰবাহা আদি অঞ্চলৰ কিছুমান ফাৰ্মাচীত খালী চিৰিঞ্জ বিক্ৰী হোৱা বিষয়েও বৈঠকত আলোচনা হয়। এনে চিৰিঞ্জ নিচাসক্ত ব্যক্তিয়ে ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টো গুৰুত্ব সহকাৰে পৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কৃষি বিভাগে জনোৱা মতে, জিলাখনৰ ৩০খন গাঁৱত অভিযান চলাই ভাং, প'পী আদি নিচাযুক্ত উদ্ভিদৰ খেতি বিচাৰি অভিযান চলোৱা হৈছে যদিও অভিযানত এনে খেতি পোৱা হোৱা নাই বুলি বৈঠকত অৱগত কৰা হয়।
আনহাতে, এছ এছ বিৰ সহযোগত বন বিভাগেও নিয়মীয়াকৈ পেট্ৰ'লিং চলাই থকাৰ লগতে জিলাখনৰ মাজেৰে নিচাযুক্ত দ্ৰব্যৰ অবৈধ সৰবৰাহ ৰোধৰ ক্ষেত্ৰতো সতৰ্কতা অৱলম্বন কৰা হৈছে। বৈঠকত ‘আশা ভৱন’ৰ পঞ্জীয়ন আদি বিষয়তো আলোচনা কৰা হয়। লগতে জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত নিচাৰ কুপ্ৰভাৱ সন্দৰ্ভত সজাগতা সৃষ্টি আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে নিয়মীয়াকৈ সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত ডঃ দীপাংকৰ নাথ, অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষৰ লগতে বন, স্বাস্থ্য, শিক্ষা, কৃষি, আবকাৰী আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে বুলি সংবাদ মাধ্যমক অৱগত কৰে তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ