
যোৰহাট, ২৯ আগষ্ট (হি.স.)। টীয়কৰ বানেধোৱা পথাৰত ৰোৱনী বিহীন খেতি কৰিলে আৰম্ভ।
ডামচিদাৰ পদ্ধতিৰে কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ পৃষ্ঠপোষকতাত এই খেতি হৈছে আৰম্ভ।
টীয়কৰ গোৱাল গাঁৱৰ মাধৱকৃষ্ণ নেওগ, দিলীপ হাজৰিকাকে ধৰি কেইবাগৰাকীও কৃষকে এই পদ্ধতিৰে কৃষি বিজ্ঞান কেন্দ্ৰই যোগান ধৰা চিৰ আৰ ৩১১ ধানৰ বীজ ৰোপণ কৰিছে।
কৃষি বিজ্ঞান কেন্দ্ৰৰ মতে এই পদ্ধতিৰে কম সময়ত অধিক ধান লাভ কৰিব কৃষক।
লগতে অতি কম সময় আৰু কম কষ্টৰ বিনিময়ত এই পদ্ধতিৰে খেতি কৰি ইতিমধ্যে বহু কৃষকে অধিক উৎপাদন কৰিছে আৰু স্বাৱলম্বন হৈছে বুলি জানিবলৈ দিছে কৃষি বিষয়াসকলে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু