পাথৰিঘাটত ৰাইজৰ বিক্ষোভ
দৰং, ২৯ আগষ্ট (হি.স.)। সাতকুৰি শ্বহীদৰ কেঁচা তেজেৰে ৰাঙলী হোৱা ঐতিহাসিক পাথৰিঘাটৰ স্বাস্থ্যখণ্ডক লৈ ৰাইজৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।সমষ্টিৰ কেইবাখনো ৰাজহ গাঁৱক সামৰি স্থাপন কৰা চিকিৎসালয় খনৰ পৰা ব্লক প্ৰগ্ৰেম মেনেজমেণ্ট ইউনিট স্থানান্তৰ কৰাৰ
পাথৰিঘাটত ৰাইজৰ বিক্ষোভ


দৰং, ২৯ আগষ্ট (হি.স.)। সাতকুৰি শ্বহীদৰ কেঁচা তেজেৰে ৰাঙলী হোৱা ঐতিহাসিক পাথৰিঘাটৰ স্বাস্থ্যখণ্ডক লৈ ৰাইজৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।সমষ্টিৰ কেইবাখনো ৰাজহ গাঁৱক সামৰি স্থাপন কৰা চিকিৎসালয় খনৰ পৰা ব্লক প্ৰগ্ৰেম মেনেজমেণ্ট ইউনিট স্থানান্তৰ কৰাৰ বিৰোধিতাৰে ওলাই আহিছে শতাধিক ৰাইজ। অতি শেহতীয়াভাবে স্বাস্থ্য বিভাগে জাৰি কৰা এক পত্ৰ যোগে যে চিকিৎসালয় খনৰ পৰা বিপিএমইউ (ব্লক প্ৰগ্ৰেম মেনেজমেণ্ট ইউনিট)বিভাগটো ছিপাঝাৰৰ মূল চহৰলৈ স্থানান্তৰ কৰাৰ ঘোষণা কৰিছিল।আৰু ইয়াৰ পিছতে ৰাইজ এনেদৰে ওলাই আহি চিকিৎসালয় খনৰ সন্মুখ ভাগত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিভাগটো স্থানান্তৰ কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত ৰাইজ একত্ৰিত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande