দুধনৈৰ দামৰাত “শান্তি সমদল
গোৱালপাৰা, ২৯ আগষ্ট (হি.স.)। :দুধনৈৰ দামৰাত “শান্তি সমদল”৷ ২৩ আগষ্টত সংঘটিত গুলীচালনাৰ ঘটনাত ব্যৱসায়ী আবু ছায়েদৰ মৃত্যুৰ পিছতে আজি দামৰা চহৰত উলিওৱা হয় এক শান্তি সমদল৷
দুধনৈৰ দামৰাত “শান্তি সমদল


গোৱালপাৰা, ২৯ আগষ্ট (হি.স.)।

:দুধনৈৰ দামৰাত “শান্তি সমদল”৷ ২৩ আগষ্টত সংঘটিত গুলীচালনাৰ ঘটনাত ব্যৱসায়ী আবু ছায়েদৰ মৃত্যুৰ পিছতে আজি দামৰা চহৰত উলিওৱা হয় এক শান্তি সমদল৷ দামৰা ব্যৱসায়ী সন্থাৰ উদ্যোগত, আৰছু, আছু,আমছু, গাৰো, গোৰ্খা আদি ছাত্ৰ সংগঠনৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে অংশগ্ৰহণ কৰে এই শান্তি সমদলত৷চুপাৰী কিলাৰক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক,দামৰাত অবৈধ ব্যৱসায়ীক উৎখাট কৰক, হিংসা পৰিহাৰ কৰক,শান্তি-সম্প্ৰীতি অতুট ৰাখক আদি শ্লগানেৰে উত্তাল কৰে দামৰা চহৰ। দামৰা চহৰৰ সকলো দোকান-পোহাৰ দুঘণ্টাৰ বাবে বন্ধ কৰি সকলো শ্ৰেণীৰ লোক ওলাই আহে শান্তি সমদলত। দামৰা বজাৰ চৌহদৰ পৰা উলিওৱা সমদল দামৰা আৰক্ষী চকীলৈ যায় আৰু তাৰ পৰা গুলীচালনাৰ ঘটনা সংঘটিত কৰা স্থানলৈ গৈ পুনৰ দামৰা বজাৰ চৌহদত শান্তি সমদলৰ সামৰণি পৰে ।শান্তি সমদলৰ অন্তত দণ্ডাধীশৰ জৰিয়তে দুধনৈ সমজিলা আয়ুক্তলৈ চাৰি দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে ।

বৃহত্তৰ অঞ্চলটোত শান্তি সম্প্ৰতি অটুট ৰখাৰ লগতে দোষীক ফাঁচীৰ দাবীও উত্থাপন কৰে ৰাইজে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande