পশ্চিমৰ সৈতে ২০২২ চনৰ পূৰ্বৰ দৰে সম্পৰ্ক আৰু সম্ভৱ নহয়-ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী
মস্কো, ২৯ আগষ্ট (হি.স.)। এই সপ্তাহত মস্কোত সংঘটিত হোৱা উচ্চ পৰ্যায়ৰ কূটনৈতিক কাৰ্যকলাপৰ সন্দৰ্ভত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে এক বিবৃতি প্ৰকাশ কৰিছে। তেওঁ ভেটিকানৰ জ্যেষ্ঠ কূটনীতিবিদ আৰ্চবিশ্বপ পল ৰিচাৰ্ড গ্যালাগাৰৰ সৈতে হোৱা কথা-বতৰাৰ
रूसी विदेश मंत्री सर्गेई लावरोव  (फाइल फाेटाे)


মস্কো, ২৯ আগষ্ট (হি.স.)। এই সপ্তাহত মস্কোত সংঘটিত হোৱা উচ্চ পৰ্যায়ৰ কূটনৈতিক কাৰ্যকলাপৰ সন্দৰ্ভত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে এক বিবৃতি প্ৰকাশ কৰিছে। তেওঁ ভেটিকানৰ জ্যেষ্ঠ কূটনীতিবিদ আৰ্চবিশ্বপ পল ৰিচাৰ্ড গ্যালাগাৰৰ সৈতে হোৱা কথা-বতৰাৰ সবিশেষ শ্বেয়াৰ কৰাৰ লগতে চিআইএৰ সঞ্চালক জন ৰেটক্লিফৰ ৰাছিয়া ভ্ৰমণৰ সন্দৰ্ভত সীমিত তথ্য প্ৰদান কৰে।

ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় বাতৰি টেলিভিছন নেটৱৰ্ক ৰাছিয়া টুডে (আৰ টি)ৰ মতে, গ্যালাগাৰ আৰু ৰেটক্লিফ দুয়োজনেই এই সপ্তাহত মস্কোত উপস্থিত হয়। এই ভ্ৰমণৰ বিষয়ে সোধাত লাভৰভে কয় যে দুয়োটা ক্ষেত্ৰতে ভ্ৰমণকাৰী প্ৰতিনিধিসকলে নিজেই আলোচনাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

শুকুৰবাৰে দিয়া এক সাক্ষাৎকাৰত লাভৰভে কয় যে আৰ্চবিশ্বপ গ্যালাগাৰৰ সৈতে তেওঁৰ কথা-বতৰাত মূলতঃ ইউক্ৰেইন সংঘাতৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁৰ মতে, ভেটিকানৰ প্ৰতিনিধিয়ে যুদ্ধৰ শীঘ্ৰে অন্ত পৰাৰ ইচ্ছা পুনৰবাৰ উল্লেখ কৰি মানৱীয় বিষয়ত সহযোগিতা অব্যাহত ৰখাৰ প্ৰস্তাৱ আগবঢ়ায়।

ইয়াৰ ভিতৰত কয়দীৰ আদান-প্ৰদান আৰু মৃতকৰ মৃতদেহ আদান প্ৰদান আদি বিষয় আছিল।

আলোচনাৰ সময়ত লাভৰভে ইউক্ৰেইন সংঘাতৰ সৈতে জড়িত পূৰ্বৰ কেইবাখনো কূটনৈতিক চুক্তিৰ কথাও উল্লেখ কৰে। ২০১৪ চনৰ চুক্তি, মিনস্ক চুক্তি, ২০২২ চনৰ ইস্তানবুল আলোচনাৰ উদাহৰণ দি তেওঁ অভিযোগ কৰে যে পশ্চিম আৰু ইউক্ৰেইনে পূৰ্বৰ চুক্তিসমূহক সন্মান কৰা নাছিল।

লাভৰভে কয় যে ৰাছিয়াৰ ফালৰ পৰা সদিচ্ছাৰ কোনো অভাৱ নাই আৰু তেওঁ বিশ্বাস কৰে যে ভেটিকানৰ প্ৰতিনিধিসকলে ৰাছিয়াৰ পক্ষৰ স্থিতি বুজি পাইছে। তেওঁ কয় যে বৰ্তমানৰ কন্টাক্ট লাইনত তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে পশ্চিমীয়া হেঁচাত সাময়িকভাৱে সংঘাত বন্ধ হ’ব পাৰে, কিন্তু ইয়াৰ স্থায়ী সমাধান নহ’ব।

ব্ৰিটেইন আৰু ফ্ৰান্সৰ নেতৃত্বত প্ৰস্তাৱিত স্থিতিশীলতা শক্তিৰ বিৰোধিতা কৰে। লাভৰভে অভিযোগ কৰে যে এনে নিয়োগে ইউক্ৰেইনৰ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাক সমৰ্থন কৰিব পাৰে।

চিআইএৰ সঞ্চালক জন ৰেটক্লিফৰ মস্কো ভ্ৰমণৰ বিষয়ে অধিক সবিশেষ শ্বেয়াৰ কৰা নাছিল লাভৰভে। তেওঁ উল্লেখ কৰিছিল, মই তাত নাছিলোঁ। তেওঁ বুজাই দিলে যে চোৰাংচোৱা সংস্থাসমূহে সাধাৰণতে প্ৰতিষ্ঠিত আৰু বিশেষ মাধ্যমৰ জৰিয়তে যোগাযোগ কৰে, আৰু এনে কথা-বতৰা ৰাজহুৱা নকৰাটো অস্বাভাৱিক নহয়।

তেওঁ লগতে কয় যে স্পৰ্শকাতৰ বিষয়সমূহৰ ওপৰত চলি থকা আলোচনাৰ তথ্য প্ৰকাশ কৰিলে সম্ভাৱ্য চুক্তি আৰু সহমতৰ প্ৰক্ৰিয়াৰ ক্ষতি হ’ব পাৰে। তেওঁৰ মতে, কূটনীতিবিদসকলেও প্ৰায়ে পৰ্দাৰ আঁৰত কাম কৰে।

লাভৰভে কয় যে ৰাছিয়াই পশ্চিমীয়া দেশসমূহৰ সৈতে আলোচনাৰ বাবে সাজু হৈ আছে যদিও ৰাজহুৱা আশ্বাস বা আলোচনাৰ সময়ত হোৱা চুক্তিসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মস্কোৰ এতিয়া একে আস্থা নাই।

তেওঁ পশ্চিমীয়া কূটনীতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ৰাছিয়াৰ অভিজ্ঞতাৰ ভিত্তিত পশ্চিমীয়া দেশসমূহৰ সৈতে বহু চুক্তি আৰু আশ্বাস পিছলৈ দুৰ্বল হৈ পৰে।

ৰাছিয়াই পশ্চিমীয়া দেশসমূহক কিয় ইমান বিশ্বাস কৰে বুলি সোধাত লাভ্ৰভে কয় যে যেতিয়া ৰাছিয়াই কাৰোবাক বিশ্বাস কৰে তেতিয়া তেওঁলোকে “শেষলৈকে” বিশ্বাস কৰে। কিন্তু তেওঁ লগতে কয় যে সেই যুগ শেষ হৈছে, আৰু ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ আগতে ৰাছিয়া-পশ্চিমৰ সম্পৰ্কৰ অৱস্থালৈ ঘূৰি অহাটো কঠিন।

যোৱা বছৰ এংকৰেজত অনুষ্ঠিত হোৱা উচ্চ পৰ্যায়ৰ ৰাছিয়া-আমেৰিকাৰ বৈঠকৰ উদাহৰণো লাভৰভে উল্লেখ কৰে। তেওঁ দাবী কৰে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকাৰ শান্তি প্ৰস্তাৱৰ সকলো মূল কথাৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দূত ষ্টিভ উইটকফৰ সৈতে আলোচনা কৰিছে।

লাভৰভৰ মতে, ৰাছিয়াই কিছুমান বিষয় বাকী থকাৰ পিছতো এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে যদিহে চুক্তিক আপোচ বুলি গণ্য কৰা নহয় তেন্তে ইয়াৰ সংজ্ঞা কি হ’ব।

কিন্তু এই ব্যাখ্যাৰ সৈতে আমেৰিকাই মতানৈক্য প্ৰকাশ কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই জুন মাহত কৈছিল যে এংকৰেজত সঁচাকৈয়ে এটা প্ৰস্তাৱত উপনীত হৈছে যদিও চূড়ান্ত চুক্তিত উপনীত হোৱা নাই।

লাভৰভে কয় যে ৰাছিয়াই আমেৰিকাৰ যিকোনো নতুন প্ৰস্তাৱ শুনিবলৈ সাজু। অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে আলোচনাৰ সমান্তৰালভাৱে ৰাছিয়াই মাটিত নিজৰ কাৰ্যকলাপ অব্যাহত ৰাখিব।

ইউক্ৰেইন সংঘাত সন্দৰ্ভত ৰাছিয়া, আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ মাজত কূটনৈতিক যোগাযোগ অব্যাহত থকাৰ সময়তে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ এই বক্তব্য প্ৰকাশ পাইছে যদিও যুদ্ধবিৰতি আৰু স্থায়ী শান্তিৰ পদ্ধতিৰ ক্ষেত্ৰত ব্যাপক মতানৈক্য অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande