
মস্কো, ২৯ আগষ্ট (হি.স.)। ৰাছিয়াই আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) সফলতাৰে পৰীক্ষা কৰিছে। উত্তৰ-পশ্চিম আৰ্খাংগেলস্ক অঞ্চলৰ প্লেচেটস্ক কচমোড্ৰমৰ পৰা এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল আৰু ইয়াৰ পৰীক্ষামূলক ৱাৰহেড দেশখনৰ সুদূৰ পূবৰ কামচাটকা উপদ্বীপৰ কুৰা প্ৰশিক্ষণ ৰেঞ্জ পাইছিলগৈ।
ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় বাতৰি টেলিভিছন নেটৱৰ্ক ৰাছিয়া টুডে (আৰ টি)য়ে শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিৰ উদ্ধৃতি দি কয় যে পৰীক্ষাৰ সময়ত নিৰ্ধাৰণ কৰা সকলো লক্ষ্য আৰু কাম সম্পূৰ্ণৰূপে সাধন কৰা হৈছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই পৰীক্ষাত মিছাইলটোৰ কাৰিকৰী ক্ষমতা আৰু উৰণৰ বৈশিষ্ট্য নিশ্চিত কৰা হৈছে।
পৰীক্ষাত ব্যৱহৃত ক্ষেপণাস্ত্ৰৰ সঠিক নাম প্ৰকাশ কৰা নাই ৰাছিয়াই। অৱশ্যে মন্ত্ৰালয়ে ইয়াক মোবাইল লঞ্চ কঠিন ইন্ধন ব্যৱস্থা বুলি অভিহিত কৰে। এই পৰীক্ষা ৰাছিয়াৰ কৌশলগত মিছাইল বাহিনীৰ প্ৰশিক্ষণ অনুশীলনৰ অংশ। এই অনুশীলনৰ সময়ত এটা দূৰৱৰ্তী অঞ্চলত এটা ভ্ৰাম্যমাণ আইচিবিএম লঞ্চ বেটাৰী নিয়োগ কৰা হৈছিল, তাৰ পিছত সমগ্ৰ মিছাইল উৎক্ষেপণ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হৈছিল।
ইয়াৰ পূৰ্বে ৰাছিয়াই নিজৰ অত্যাধুনিক আৰ এছ-২৮ ছাৰমাট আইচিবিএম পৰীক্ষা কৰিছিল। প্ৰতিবেদন অনুসৰি ছাৰ্মাটে একাধিক পুনৰ প্ৰৱেশ বাহনৰ জৰিয়তে গধুৰ পাৰমাণৱিক ৱাৰহেড প্ৰেৰণ কৰিবলৈ সক্ষম। ইয়াক ৰাছিয়াৰ কৌশলগত পাৰমাণৱিক ক্ষমতাৰ এক মূল উপাদান হিচাপে গণ্য কৰা হয়।
প্ৰতিবেদন অনুসৰি হাইপাৰছ’নিক গ্লাইডাৰ প্ৰযুক্তিও ছাৰমাটৰ সৈতে ব্যৱহাৰ কৰিব পাৰি। এনে প্ৰযুক্তিৰে সজ্জিত এই ৱাৰহেডে অত্যন্ত তীব্ৰ বেগত লক্ষ্যৰ ফালে যাত্ৰা কৰিব পাৰে আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ পৰা হাত সাৰিবলৈ নিজৰ গতিপথ সলনি কৰিব পাৰে।
ৰাছিয়াৰ কৌশলগত মিছাইল বাহিনীৰ অধিনায়ক জেনেৰেল চাৰ্গেই কাৰাকায়েভে কয় যে ৰাছিয়াৰ সেনাই বছৰৰ শেষৰ ফালে নিজৰ প্ৰথমটো মিছাইল ৰেজিমেণ্টক নতুন অস্ত্ৰ ব্যৱস্থাৰে সজ্জিত কৰাৰ প্ৰস্তুতি চলাইছে।
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আৰ এছ-২৮ ছাৰ্মাটক ৰাছিয়াৰ আটাইতকৈ শক্তিশালী ক্ষেপণাস্ত্ৰ ব্যৱস্থা বুলি অভিহিত কৰিছিল। তেওঁ দাবী কৰে যে ইয়াৰ বৃহৎ পেলোড ক্ষমতা আৰু দীৰ্ঘ দূৰত্বই ৰাছিয়াৰ কৌশলগত ক্ষমতাক শক্তিশালী কৰে।
পুটিনৰ মতে, ৰাছিয়াই নিজৰ ক্ষেপণাস্ত্ৰ ক্ষমতা বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ কাৰণ হৈছে পৰিৱৰ্তিত নিৰাপত্তা পৰিৱেশত মস্কোৱে নিজৰ কৌশলগত নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা। তেওঁ এই প্ৰচেষ্টাসমূহক শক্তিৰ কৌশলগত ভাৰসাম্য বজাই ৰখাৰ সৈতে সংযোগ কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া