মৰিয়নিত ভয়ংকৰ পথ দুৰ্ঘটনা
মৰিয়নিত ভয়ংকৰ পথ দুৰ্ঘটনা।
মৰিয়নিত ভয়ংকৰ পথ দুৰ্ঘটনা


যোৰহাট, ২৯ আগষ্ট (হি.স.): যোৰহাট জিলাৰ মৰিয়নিত যোৱা কালি শুকুৰবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । বাইকৰ খুন্দাত এজন ব্যক্তি আহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহী।

প্ৰাপ্ত তথ্য়মতে, মৰিয়নি জয়মতী নগৰৰ সমীপত হেঙুল থিয়েটাৰৰ কাৰ্যালয় সমীপত এএছ ০৩ ৱাই ০১৫৫ নম্বৰৰ মটৰ চাইকেলৰ খুন্দাত গণেশ দত্ত (৪৫)নামৰ লোকজন গুৰুত্বৰভাৱে আহত হোৱাৰ লগতে দূৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলত অহা দুজন অচিনাক্ত যুৱক গুৰুতৰভাৱে আহত হয়। গণেশ দত্ত নামৰ লোকজন যোৰহাট মৰিয়নি পথ অতিক্ৰম কৰিবলৈ লোৱা সময়তেই সংঘটিত হয় এই দুৰ্ঘটনা, ইতিমধ্যে ১০৮ যোগে সংকটজনক গণেশ দত্তৰ লগতে বাইক আৰোহী যুৱক দুজনক সংকটজনক অৱস্থাত অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমানলৈকে দুৰ্ঘটনা সংঘটিত কৰা বাইক চালক আৰু আৰোহীৰ পৰিচয় জানিব পৰা হোৱা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande