বাগিচা উচ্ছেদক লৈ তীব্ৰ হুংকাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ
শিৱসাগৰ, ২৯ আগষ্ট (হি.স.)। বাগিচা উচ্ছেদক লৈ তীব্ৰ হুংকাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ। অ এন জি চি আৰু ঠিকাদাৰৰ বিৰুদ্ধে গৰজি উঠিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। চাহ বাগিচাৰ গছ উচ্ছেদ কৰি চাহ শ্ৰমিকৰ জীৱনলৈ ভাবুকি অনাক লৈ সৰৱ হৈ পৰিল সংগঠনটো। উল্লেখ
বাগিচা উচ্ছেদক লৈ তীব্ৰ হুংকাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ


শিৱসাগৰ, ২৯ আগষ্ট (হি.স.)। বাগিচা উচ্ছেদক লৈ তীব্ৰ হুংকাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ। অ এন জি চি আৰু ঠিকাদাৰৰ বিৰুদ্ধে গৰজি উঠিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।

চাহ বাগিচাৰ গছ উচ্ছেদ কৰি চাহ শ্ৰমিকৰ জীৱনলৈ ভাবুকি অনাক লৈ সৰৱ হৈ পৰিল সংগঠনটো। উল্লেখ্য যে - গেলেকী তৈল ক্ষেত্ৰৰ অন্তগৰ্ত অ এন জি চি য়ে তেল খননৰ বাবে দেওপানীত চাহ বাগিচাত চাহ গছ উচ্ছেদত বাধা প্ৰদান অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতি আৰু আমগুৰি শাখা সমিতিৰ।

প্ৰায় শতাধিক আটছা কৰ্মীয়ে আজি পুৱা বাগিচা উচ্ছেদ কৰি থকা অৱস্থাত উচ্ছেদ বন্ধ কৰি ঠিকাদাৰ প্ৰতিষ্ঠানৰ জেচিবি ডাম্পাৰ বাহন সমূহ ওভতাই পঠায়।

অ এন জি চি কতৃপক্ষই আটছাৰ দাবী মানি নোলোৱা পৰ্যন্ত এই উচ্ছেদ বন্ধ ৰাখিবলৈ অ এন জি চি কতৃপক্ষ আৰু ঠিকাদাৰ প্ৰতিষ্ঠানক সকীয়নি প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande